বাক্সাৰ প্ৰতিবেদক :
বাক্সা জিলাৰ কাটাঝাৰত (ঘোৰামাৰা) স্থানীয় ৰাইজ আৰু সংবিধান সেৱকৰ উদ্যোগত বুধবাৰে নাগৰিকত্ব আৰু সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ সমস্যা সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে এক বিশাল সজাগতা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অনুষ্ঠানটোৰ পৰিচালনা সমিতিৰ সভাপতি ময়নুল হক খানে ।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংবিধান সেৱকৰ মূখ্য আহব্বায়ক শ্বাহজাহান আলী আহমেদে। সভাত আমছুৰ মূখ্য উপদেষ্টা আজিজুৰ ৰহমানে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বৰ্তমান সংখ্যালঘু সমাজত ব্যাপক ভাৱে চলি থকা বাল্য বিবাহ, শিশু শ্ৰমিক সম্পৰ্কত বিতং ভাৱে আলোকপাত কৰে।
তেখেতে কয় যে, যেতিয়ালৈকে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে নিজে ওলাই নাহিব তেতিয়ালৈকে এই জাতিটোয়ে নিৰ্যাতনৰ পৰা পৰিত্ৰাণ নাপাব। নিজৰ সমস্যা নিজে সমাধান কৰিবলৈ হ'লে প্ৰতিজন ব্যক্তিয়ে নিজৰ ল'ৰা-ছোৱালীক সু-শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড° মনিৰুল ইছলামে ভাষণ প্ৰসংগত কয় যে, অসমত নাগৰিকত্বৰ সমস্যাটো দিনক দিনে জটিলতাৰ দিশে আগবাঢ়িছে। এচাম উগ্ৰ বহিনীয়ে কেতিয়াওঁ নিবিচাৰে যে অসমত বহুদিনীয়া নাগৰিকত্ব সমস্যাটো চিৰদিনৰ বাবে সমাপ্তি ঘটক। এয়া কিছুমানৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ পথ। সভাত চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড° হাফিজ আহমেদে দেশত এন আৰ চি আৰু ডি ভোটাৰৰ সমস্যাই সংখ্যালঘু মানুহক ভিতিগ্ৰস্থ কৰি পেলাইছে বুলি মন্তব্য কৰিছে।
সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি হাৰ্শ মান্দাৰে কয় যে, দেশ স্বাধীন হোৱাৰ সময়ত মহাত্মা গান্ধীয়ে কেতিয়াওঁ ভাৰতবৰ্ষখনক ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰা নাছিল।ভাৰতৰপৰা পাকিস্থান যেতিয়া পৃথক হৈ গ'ল তেতিয়া ভাৰতবৰ্ষখনত ৰৈ যোৱা মুছলমান আৰু খ্ৰীষ্টানসকলক সম অধিকাৰ প্ৰদানৰ আৰ এছ এছে বিৰোধিতা কৰিছিল। তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল যে ভাৰতত যি সকলে স্ব ইচ্ছাই ৰৈ গৈছে সেই সকলেও এজন হিন্দুৰ সমানেই মৰ্যাদা পাব। সি ধনী, দূখীয়া, কলা বা বগা যি নহলেও প্ৰতিজনকে মানুহ হিচাপেহে গন্য কৰিব লাগিব। মান্দাৰে লগতে কয় যে, মই এজন প্ৰাক্তন প্ৰশাসনিক বিষয়া হিচাপে মোৰ প্ৰথম ধৰ্ম হৈছে মানৱ সেৱা। সেয়ে য'তেই মানুহে বিপদত পৰিব মই তাতেই গৈ ন্যায়ৰ হকে মাত মাতিম।
- Log in to post comments
- 9 views