বাক্সাৰ প্ৰতিবেদক :
অসম প্ৰদেশ কংগ্রেছ কমিটিৰ অন্তৰ্গত বৰপেটা জিলা সমিতিৰ ৪৬ নং নিচুকা গাওঁপঞ্চায়তৰ সভাপতিসহ ১০ জনকৈ কংগ্রেছ কৰ্মীয়ে বৃহস্পতিবাৰে কংগ্রেৰ দলৰ পৰা পদত্যাগ কৰে। দলত্যাগ কৰিয়েই লোককেইজনে সংবাদ মাধ্যমৰ আগত কয় যে সমাজৰ সৰ্বাঙ্গীন উন্নয়নৰ উদ্দেশ্যে কাম কৰিব পাৰিম বুলি আশা কৰিয়েই আমি এটা সময়ত কংগ্রেছ দলত যোগদান কৰিছিলো যদিও দলটোৱে আমাৰ প্ৰত্যাশা পূৰণ কৰিব নোৱাৰাত আমি দলটোৰ পৰা ওলাই আহিলোঁ। বৃহস্পতিবাৰে দলত্যাগ কৰা কংগ্রেছী সকলক ক্ৰমে আনোৱাৰ মণ্ডল, আবুশ্বামা, চম্পা সৰকাৰ, শ্বাহনাজ খাতুন, জিয়াৰুল হক, ৰহিম বাদশ্বাহ, ছুৰিয়া খাতুন, ৰেনুৱাৰা খাতুন, জমিৰণ নেচা আৰু মফিজ আলী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এই সকল লোকে কিহৰ বাবে দলত্যাগ কৰিলে সেয়া সঠিক ভাবে জানিব পৰা হোৱা নাই যদিও জিলাখনত শাসকীয় দলে বৃদ্ধি কৰা ৰাজনৈতিক তৎপৰতাৰে ইয়ো এক পাৰ্শ্বক্ৰিয়া বুলিও এতিয়া জিলা খনৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে।
- Log in to post comments
- 10 views