লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পদে পদে যেন শোষণৰ বলি ল'বলগীয়া হৈ আহিছে একাংশ নাৰী। শেহতীয়াভাবে নাৰী নিৰ্যাতনৰ সংঘটিত হোৱাৰ আন এক ঘটনা পোহৰলৈ আহিছে লংকাত । ঘটনা সন্দৰ্ভত জানিব পৰা মতে ,লংকা আৰক্ষী থানাৰ অন্তৰ্গত লংকা ফৰেষ্ট গেইটৰ নিবাসী বিষ্ণু কলিতাৰ পুত্ৰ কৃষ্ণ কলিতাই কৌশলগত ভাৱে প্ৰেমৰ জাল পেলাই ৭ মাহ পূৰ্বে বোকাজানৰ পৰা লংকাৰ নিজ গৃহলৈ পলুৱাই আনিছিল এগৰাকী যুৱতীক |
লংকালৈ আহি পোৱাৰ পিছতেই যুৱতী গৰাকীৰ মাতৃ গৃহত খবৰ দিয়াত যুৱতী গৰাকীৰ একাংশ সম্পৰ্কীয় লোক লংকালৈ আহি দুয়োকে কিছু দিনৰ পিছত বিৱাহ কৰাই দিয়া হ'ব বুলি এক আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱা হৈছিল | উল্লেখ্য যে, যুৱতী গৰাকীক কৃষ্ণ কলিতাই পলুৱাই অনা সময়ত হোৱা নাচিল ১৮ বছৰ বয়স। পিছত দিন পাৰ হৈ যোৱাৰ লগে লগে কৃষ্ণ কলিতা আৰু পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ লগত নানান অকথ্য শাৰিৰীক তথা মানসিক নিৰ্যাতন চলোৱাৰ লগতে যৌতুক বিচাৰি হাৰাশাস্তি কৰি কৰাৰ উপৰি যুৱতী গৰাকীক আনুষ্ঠানিকভাৱে বিবাহ কৰাবলৈ কৃষ্ণ তথা তেওঁৰ পৰিয়ালটোৱে অমান্তি হৈ মাতৃ গৃহলৈ যুৱতী গৰাকীক পঠিয়াই দিয়ে ।ইমানৰ পিছত উপায়হীন হৈ যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে বৰ্তমানে লংকা আৰক্ষী থানাৰ দ্বাৰস্থ হয় আৰু প্ৰবঞ্চক কৃষ্ণ কলিতাৰ লগতে কৃষ্ণৰ পৰিয়ালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে|
- Log in to post comments
- 44 views