নামৰূপৰ পৰা সমীৰণ বৰুৱা
বৃহস্পতিবাৰে জয়পুৰ বৰ্ষাৰণ্যত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জয়পুৰ আঞ্চলিক সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জয়পুৰ শাখা সমিতিৰ যৌথ উদ্যোগত তথা জয়পুৰ বন বিভাগৰ সহযোগত এহেজাৰ কঠাল, শিলিখা, কলা জামু আদিৰ বীজ ৰোপণ কাৰ্যসূচী পালন কৰা হয়। জীৱ শ্ৰেষ্ঠ মানুহে ক্ৰমান্বয়ে বনাঞ্চল ধ্বংস কৰি অনাৰ ফলত বন্যপ্ৰাণী সমূহে খাদ্যৰ সংকটত ভুগি জনাঞ্চললৈ নামি আহিব লগা হৈছে খাদ্যৰ সন্ধানত। সংগঠন কেইটাৰ এই পদক্ষেপে ভৱিষ্যতে বন্যপ্ৰাণী সমূহক খাদ্য সংকটৰ পৰা কিছু পৰিমাণে ৰক্ষা কৰিব বুলি কৃষক মুক্তি তথা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিসকলে জানিবলৈ দিয়ে।
- Log in to post comments
- 11 views