মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
ৰাজ্য চৰকাৰ তথা ৰাজ্যিক জলসম্পদ বিভাগৰ আওকানীয়া মনোভাৱ, অৱহেলামূলক দৃষ্টিভংগী আৰু গুৰুত্বহীনতাৰ বাবেই সম্প্ৰতি জেংৰাইমুখৰ চিমিৰত খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। হিমালয় তথা ইয়াৰ পাদদেশত হোৱা মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈ সোৱণশিৰি, খেৰকটীয়া আদি নৈত বৃদ্ধি পোৱা বানৰ সমান্তৰালভাৱে আৰম্ভ হৈছে ব্যাপক খহনীয়া। বিশেষকৈ উজনি মাজুলীৰ জেংৰাইমুখ টাউনৰ পৰা উজনিলৈ প্ৰায় দুই কিলো'মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বত অৱস্থিত কুমাৰবাৰী গাঁৱৰ চিমিৰ অংশত বিগত দুই সপ্তাহ ধৰি খেৰকটীয়া নৈখনে বহু হেক্টৰ কৃষি ভূমি খহাই পেলোৱাৰ পিছত কৃষকৰ কৃষি ভূমিৰ লগতে ৩৯ কোটি টকাৰ ব্যয় সাপেক্ষে সম্প্ৰতি নিৰ্মাণৰত দুই পথযুক্ত জেংৰাই-হালধিবাৰী গড়কাপ্তানি পথ আৰু বৃহত্তৰ জেংৰাইমুখ অঞ্চললৈ চৰম ভাবুকি নমাই আনিছে । প্ৰত্যেক দিনে চিমিৰ অংশত চলি থকা চপৰা চপৰে খহনীয়া সমস্যাৰ বাবে খহনীয়া অংশৰ পৰা জেংৰাই-হালধিবাৰী গড়কাপ্তানি পথলৈ মাত্ৰ ডেৰশ মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বত আছেগৈ । প্ৰায় আঠ শ মিটাৰ অংশত একেলেঠাৰীয়ে চলি থকা খহনীয়াই স্হানীয় লোকক বাৰুকৈয়ে শংকিত কৰি তুলিছে। উল্লেখ্য যে বিগত দুটা দশক ধৰি চলি থকা এই খহনীয়া সমস্যা সমাধান কৰাৰ নামত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু ৰাজ্যিক জলসম্পদ আদি বিভিন্ন বিভাগে বিভিন্ন সময়ত অস্থায়ী আঁচনিৰ ৰূপায়ণৰ নামত লাখ লাখ টকা খৰছ কৰাৰ পিছতো সমস্যাৰ সমাধান হোৱা নাই। চিমিৰ খহনীয়াই চৰম সীমা অতিক্ৰম কৰাৰ পিছত বৃহত্তৰ জেংৰাইমুখবাসীৰ জীৱন সম্পত্তি নিৰাপত্তা প্ৰদান কৰাৰ স্বাৰ্থত সম্প্ৰতি প্ৰয়োজন হৈছে এক বিজ্ঞানসন্মত স্হায়ী প্ৰতিৰোধৰ আঁচনি । ইয়াৰ ব্যতিৰেকে অদূৰ ভৱিষ্যতে হ'ব পৰা অনাকাংক্ষিত ঘটনাৰ আশংকা কৰিছে স্হানীয় লোকে।
ইপিনে জেংৰাইমুখৰ চিমিৰ অংশৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে মাজুলীৰ স্হানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিজ্ঞানসন্মত আঁচনিৰে ইয়াৰ স্হায়ী সমাধাধানৰ বাবে স্হানীয় ৰাইজক দিয়া প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈছে । উল্লেখ্য যে যোৱা ২০১৮ বৰ্ষৰ ১২ জুলাইত নৱ নিৰ্মিত ফুলনি আৰক্ষী চকী উন্মোচনৰ বাবে মাজুলীলৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ধেমাজীৰ বিধায়ক ড' ৰনোজ পেগুৰ লগতে উচ্চপদস্থ বিষয়া কৰ্মচাৰীৰ সৈতে জেংৰাইমুখ চিমিৰ খহনীয়াত উপস্থিত খহনীয়া পৰিস্থিতি বুজ লোৱাৰ পিছত স্হানীয় লোকৰ লগত এক আলোচনাত মিলিত হৈছিল। এই আলোচনাত অহা অক্টোবৰৰ পৰা বিজ্ঞানসন্মত সুৰক্ষামূলক আঁচনি ৰূপায়ণ কৰি চিমিৰ খহনীয়া প্ৰতিৰোধ কৰা হ'ব বুলি ৰাইজৰ ওচৰত মত ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । স্হায়ী প্ৰতিৰোধৰ আঁচনি ৰূপায়ণ কৰাৰ পূৰ্বে খহনীয়া অস্হায়ী আঁচনি হিচাপে বাঁহৰ পাৰ্কিউপাইন ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে । কিন্তু এই অস্হায়ী আঁচনিত জড়িত ঠিকাদাৰসকলেও বিগত এটা বছৰে প্ৰাপ্য ধন লাভ নকৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে ।
- Log in to post comments
- 8 views