গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তথা কেন্দ্ৰীয় মন্ত্ৰীৰ টুলুঙা মন্তব্যৰ প্ৰতিবাদত আজি আটাছুৰ গোলাঘাট জিলা সমিতি জাঙুৰ খাই উঠিল। সংগঠনটোৱে জনজাতিকৰণৰ দাবী ছয়জনগোষ্ঠীৰ এক জন্মস্বত্ব অধিকাৰ বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে। ‘নৰেন্দ্ৰ মোডী হায় হায়’, ‘অৰ্জুন মুণ্ডা হায় হায়’ আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে গোলাঘাটৰ আকাশ-বতাহ কঁপাই তোলা ছাত্ৰ সংগঠনটোৱে জনজাতিকৰণৰ অবিহনে কোনো কাৰণতে ক্ষান্ত নথকাৰ হুংকাৰ দিয়ে। ইফালে জনজাতিকৰণৰ সন্ধৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই কৰা মন্তব্য টুলুঙা বুলি আখ্যা দি ৰাজপথৰ মাজত মন্ত্ৰীজনৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে সংগঠনটোৱে।
- Log in to post comments
- 5 views