ধেমাজিৰ বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তৰ শাস্তি ঘোষণা

dhemaji

ধেমাজিৰ বোমা বিস্ফোৰণৰে জড়িত হৈ আদালতত দোষী সাব্যস্ত হোৱা ৬ অভিযুক্তৰ শাস্তি ঘোষণা কৰা হৈছে।ধেমাজি জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৬ গৰাকী অভিযুক্তৰ ৪ গৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দুগৰাকী দোষীক ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।সেই অনুসৰি যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা দোষীকেইগৰাকী হৈছে দীপাঞ্জলি গোহাঁই ,মুহি সন্দিকৈ,লীলা গগৈ আৰু যতীন দুৱৰী।লগতে বিহা হৈছে ১০ হাজাৰ টকাকৈ জৰিমনা।আনহাতে,৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক।লগতে পাঁচ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে।


উল্লেখ্য যে  ২০০৪ চনৰ ১৫ আগষ্টত আলফাৰ দ্বাৰা সংঘটিত কৰা এই বিস্ফোৰণত ১০টাকৈ শিশুসহ তিনিগৰাকী মহিলাৰ মৃত্যু হৈছিল।তাৰ পিছতে বিগত ২০১১ চনত আদালতত ১৪ গৰাকী অভিযুক্তৰ বিৰুদ্ধে তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰিছিল অভিযোগনামা। তাৰে ৬ গৰাকী অভিযুক্তক আজি আদলতে দোষী সাব্যস্ত কৰাৰ লগতে ৮ গৰাকী অভিযুক্তক দোষমুক্ত কৰিছিল।তাৰ পিছতে বৃহস্পতিবাৰেই ঘোষণা কৰা হয় শাস্তিৰ।

Your Comments