বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন :
বুধবাৰে আবেলী ৩ বজাত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হাইস্কুল প্ৰাঙ্গনত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি সম্পৰ্কে এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়।সভাত বড়িগোগ বনভাগ মণ্ডলৰ সমুহ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য,বুথ সভাপতি ,শক্তিকেন্দ্ৰৰ আহ্বায়ক,বিভিন্ন মৰ্চাৰ বিষয়ববীয়া আৰু বড়িগোগ বনভাগ মণ্ডলক প্ৰতিনিধিত্ব কৰা ৰাজ্যিক আৰু জিলাৰ বিষয়ববীয়া সকল তথা বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য ফণিনাথ লহকৰৰ উপৰিও আটাইকেইজন আঞ্চলিক পঞ্চায়ত সদস্য উপস্থিত থাকে।সভাত নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি বনদ্বীপ ডেকাই উপস্থিত থাকি আটাইবোৰ বিষয়ববীয়া তথা কৰ্মকৰ্তা সকলক অহা ৬ জুলাই তাৰিখৰ পৰা সদস্য ভৰ্তি কামত নিয়োজিত হৈ দলৰ ভেটি আৰু অধিক মজবুট কৰাৰ বাবে নিৰ্দেশ দিয়ে।
সভাত ৩ নং ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই ভাষণ আগবঢ়ায় কয় ,যদিহে ২১ ৰ নিৰ্বাচনত আমাৰ দলে ইয়াতকৈও ভাল ফল দেখুৱাব লাগে তেতিয়া হলে আমি আটাইয়ে এতিয়াৰ পৰাই সাংগঠনিক কামত লাগি পৰিব লাগিব।সভাত আৰু বিভিন্ন জন বক্তাই সাংগঠনিক দিশৰ ওপৰত ভাষণ ৰাখি পৰামৰ্শ আগবঢ়ায়।বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি মৃদুল ডেকাই সভাপতিত্ব কৰা সভা খনত সভাপতিৰ ভাষণত তেওঁ কয় যে অনাগত দিনবোৰত আমি আটাইয়ে দলৰ ভেটি মজবুট কৰাৰ বাবে মিলি-জুলি কাম কৰি যাব লাগিৱ।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বড়িগোগ বনভাগ মণ্ডলৰ সম্পাদক চন্দন ডেকাই।
- Log in to post comments
- 15 views