বঙাইগাঁৱত অসম চৰকাৰৰ বন আৰু পৰিৱেশ, মীন তথা আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা সভা

bgn

বঙাইগাঁওঃ ৩ জুলাইঃ

অসম চৰকাৰৰ বন আৰু পৰিবেশ, মীন তথা আবকাৰী বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যই কালি বিয়লিৰ ভাগত বঙাইগাঁৱত উপস্থিত হৈ বঙাইগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত এখন বিভাগীয় উন্নয়নমূলক কামকাজৰ পুনৰীক্ষণ তথা পৰ্যালোচনা সভাত ভাগ লয়। সভাৰ আৰম্ভণিতে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে মন্ত্রী গৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনায় । বিয়লি প্ৰায় ৪ঃ৩০ বজাৰ পৰা আৰম্ভ হোৱা পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও জিলাৰ  উপৰিও বৰপেটা, ধুবুৰী, চিৰাং, কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাকে ধৰি মন্ত্ৰীগৰাকীৰ অধীনস্থ বিভাগৰ পাঁচখন জিলাৰ চৰকাৰী বিভাগ কেইটাৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয়। সভাত মন্ত্রীগৰাকীয়ে বিভাগ কেইটাৰ এটা এটাকৈ প্ৰত্যেকৰে বিভাগীয় কাম-কাজৰ অগ্ৰগতি সম্পৰ্কত বুজ লয় আৰু প্ৰতিটো  বিভাগে কৰিবলগীয়া কামসমূহ উপায়ুক্তৰ লগত যোগাযোগ ৰাখি কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰতিটো কামৰ প্ৰতিলিপিও জিলা উপায়ুক্তৰ ওচৰত দাখিল কৰিবলৈও নিৰ্দ্দেশ দিয়ে ৷bgn2

যাতে উপায়ুক্তগৰাকীয়ে সকলো কাম কাজৰ অগ্ৰগতি সম্পৰ্কত জ্ঞাত হয় আৰু প্ৰয়োজন সাপেক্ষে হস্তক্ষেপ কৰি কামবোৰ সুচাৰু ৰূপে সম্পাদন কৰাটে সুনিশ্চিত কৰিব পাৰে। এই সভাত বন আৰু পৰিবেশ বিভাগক গছ পুলি ৰোপণ আৰু বিতৰণ সম্পৰ্কত বিশেষ গুৰুত্ব দি কাম কৰিবলৈ কঠোৰ ভাষাৰে নিৰ্দ্দেশ দিয়ে আৰু লগতে সকলো বিভাগকে সকীয়াই দি কয় যে কামত বা দায়িত্ব পালনত গাফিলতি কৰা কৰ্মচাৰীক উপযুক্ত শাস্তি প্ৰদান কৰা হ'ব ৷ এই সন্দৰ্ভত উপায়ুক্তক দোষী প্ৰমাণিত হোৱা জনৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যবস্থা ল'বলৈ কয়। এই সভাত বঙাইগাঁও জিলা মীন উন্নয়ণ বিষয়া অনুপম শৰ্মাই বিভাগটোৱে  চৰকাৰী আঁচনিৰ ধনৰে জিলাখনত ৰূপায়ণ কৰা কামৰ অগ্ৰগতি সম্পৰ্কে প্ৰজেক্টৰৰ সহায়ত প্ৰদৰ্শন কৰি মন্ত্ৰীগৰাকীক বিভাগীয় কামকাজ সম্পৰ্কে অৱগত কৰে। মন্ত্ৰী শুক্লবৈদ্যই বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানৰ সৱল নেতৃত্বত জিলাখনত ইতিমধ্যে অবৈধ সুৰা,অবৈধভাৱে চৰকাৰী ভূমি বেদখল কৰা তথা মীন পালন সম্পৰ্কীয় নিয়ম উলংঘন কৰাৰ বিৰুদ্ধে চলোৱা বলিষ্ঠ অভিযানসমূহৰ ক্ষেত্ৰত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে।

এই সুযোগতে উপায়ুক্ত আদিল খানে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ বিচৰণ ভূমি বঙাইগাঁও জিলাৰ অন্তৰ্গত কাকৈজানা সংৰক্ষিত বনাঞ্চলক এখন অভয়াৰণ্যলৈ পৰিৱৰ্তিত কৰি সোণালী বান্দৰৰ সংৰক্ষণ সুনিশ্চিত কৰাৰ বাবে  মন্ত্ৰীগৰাকীক আৰু সভাত উপস্থিত থকা  বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক (Principal Chief Conservator of Forest)ক অনুৰোধ জনায় ৷ ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে উপায়ুক্তগৰাকীৰ এই প্ৰচেষ্টাৰ শ'লাগ লয় আৰু সোনকালেই ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইয়াৰ পিছত উপৰোক্ত গোটেইকেইখন জিলাতেই মীন বিভাগৰ অধীনত চলি থকা বিভিন্ন উন্নয়ন মূলক আঁচনি যেনে-RIF- XXIII, ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ', নীল বিপ্লৱ, আৰকেভিৱাই, এছঅপিডি আদি আঁচনি সমূহৰ কামকাজৰ অগ্ৰগতিৰ বিষয়ে বুজ লৈ আশ্বস্ত হয়।

উল্লেখ্য যে পৰ্যালোচনা সভাত এই আটাইকেইখন জিলাৰ বন বিভাগৰ বিষয়াসকলক প্ৰচুৰ পৰিমাণে গছ পুলি ৰোপণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে গছ পুলি বিতৰণ আৰু প্ৰয়োজন সাপেক্ষে গছ পুলি ৰোপণ কাৰ্যসূচীও সময়ে সময়ে হাতত ল'বলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও নিজৰ নিজৰ জিলাত থকা বিভিন্ন ধৰণৰ কুৱেৰীসমূহৰ সঠিক সংখ্যা নিৰূপণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰাজহ বৃদ্ধিৰ বাবে সকলো প্ৰয়োজনীয় ব্যবস্থা হাতত ল'বলৈ কয়। তেওঁ সকলো বিভাগকে এক সমৰ্পিত মনোভাৱেৰে নিজৰ বিভাগীয় কৰ্তব্যসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উৎকৃষ্ট মানদণ্ডৰে পালন কৰি যাবলৈ কয় যাতে হিতাধিকাৰীসকলে প্ৰকৃত উন্নয়নৰ ছবিখন বাস্তৱত ভোগ কৰিব পাৰে।

ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে সকলো বিভাগীয় মুৰব্বীকে নিজৰ নিজৰ বিভাগৰ অধীনত চলি থকা বিভিন্ন অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অনতিপলমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সকলো নিৰ্মূল কৰাৰ বাবে নিৰ্দেশ দিয়ে। সভাত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানেও বিভাগসমূহক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সমূহ কল্যাণকামী আঁচনিকেই সম্পূৰ্ণ গুৰুত্বসহকাৰে লৈ সময়মতে ৰাইজৰ ওচৰত সেৱা উপলবদ্ধ কৰাত সফল হ'ব পৰাকৈ বদ্ধপৰিকৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়। নিশা আঠ বজাৰ পিছত সামৰণি পৰা পৰ্যালোচনা সভাত দক্ষিণ অভয়াপুৰী (অনু: জাতি) বিধান সভা সমষ্টিৰ বিধায়ক অন্ত কুমাৰ মালো ,  পূব বিলাসীপাৰা বিধান সভা সমষ্টিৰ  বিধায়ক অশোক কুমাৰ সিংহী , বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক (Principal Chief Conservator of Forest) এ.এম.সিং , বন বিভাগৰ প্ৰধান মুখ্য বন্যপ্ৰাণী সংৰক্ষক (Principal Chief Conservator of Wild Life ) ড৹ আৰ গুপ্তা, বন বিভাগৰ মুখ্য বন সংৰক্ষক, বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস আদিকে ধৰি বঙাইগাঁও , বৰপেটা, চিৰাং, ধুবুৰী,কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ বন বিষয়া সকল, আবকাৰী বিভাগৰ অধীক্ষক সকল তথা জিলা মীন উন্নয়ন বিষয়া সকলৰ লগতে প্ৰতিটো বিভাগৰ সংশ্লিষ্ট কৰ্মচাৰী সকল উপস্থিত থাকে ।

উল্লেখ্য যে পৰ্যালোচনা সভাত বন আৰু আবকাৰী বিভাগৰ একাংশ বিষয়াক মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ কাম-কাজকলৈ কৰ্কথনা কৰা বুলিও জানিব পৰা গৈছে ৷

Your Comments