নগাঁৱত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ ভয়াবহ ৰূপ,মৃতকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

jk

ৱাহিদুদ জামান ,নগাঁও,৪ জুলাইঃ

নগাঁৱত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে কুৰিজনৰো অধিক আক্ৰান্ত হৈ আছে। তাৰোপৰি ডেংগুত আক্ৰান্ত হৈছে তিনিজনকৈ লোক।প্ৰাপ্ত তথ্য মতে, জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক কেইজন হ'ল নগাঁৱৰ মৰিকলঙৰ সুবোধ ভট্টাচাৰ্য(৬৭),চামগুৰি গেৰেকীৰ ফজৰ আলী(৫০),নগাঁৱৰ পানীগাঁও চাৰিখুটিৰ মৰমী খাতুন (৬৯),চামগুৰি ভোগবাৰী বিলৰ কাণাইলাল গুপ্তা(৬১),কামপুৰৰ দক্ষিণ চাংচকীৰ হৰেণ গোঁহাই(৬১),ধিঙৰ মিলেমাই দেৱী (৬১) আৰু ধিং লাকলঙীয়াৰ বীণা বৰা (৬০)।আনহাতে, ডেংগুত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা কেইজন হ'ল —হুজ কহুৱাতলিৰ জয়ন্ত শইকীয়া,আঞ্জুকপানীৰ প্ৰবীৰ চক্ৰৱৰ্তী আৰু চালনা বৰঘাটৰ এচ তাঁতী। জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত সৰ্বসাধাৰণ লোক আতংকিত হৈ পৰিছে।জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগে জিলা খনত ভয়াবহ ৰূপ ধাৰণ কৰিছে যদিও এই পৰ্যন্ত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে এই ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

Your Comments