শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
যুৱতীগৰাকীৰ নাম মুনমী বৰগোহাঁই ,ঘৰ হাঁহ চ'ৰা গোমোঠাত।মুনমী অ এন জি চিৰ এবছৰীয়া এগৰাকী প্ৰশিক্ষাৰ্থী |অ এন জি চিৰেই এগৰাকী বিষয়া জ্ঞানদীপ গগৈয়ে কিছু দিন পূৰ্বে আলফাৰ সমৰ্থনত ফেচবুকত এটা প'ষ্ট দিছিল ।
জ্ঞানদীপৰ সমৰ্থনত ফেচবুকত লিখিছিল মুনমীয়ে |২৬ জুনত গ্ৰেপ্তাৰ হৈছিল জ্ঞানদীপ | শিৱসাগৰ থানাত ৰুজু হৈছিল ৫৬৩/১৯ নম্বৰৰ গোচৰ | সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে জ্ঞানদীপ |
জ্ঞানদীপৰ পোষ্টৰ সমৰ্থনত মুনমীয়ে ফেচবুকত পোষ্ট দিযাৰ অপৰাধতে বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে মুনমীক সোধ পোচৰ বাবে আটক কৰে। বৰ্তমান মুনমীক শিৱসাগৰ থানাত জেৰা অব্যাহত |
- Log in to post comments
- 18 views