লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদ গঠনৰ ছয়মাহ অতিক্ৰম কৰাৰ পিছতেই পৰিষদ খন এতিয়া ভংগ হোৱাৰ উপক্ৰম ঘটিছে। বুধবাৰে বিজেপি সদস্যৰ অনাস্হাৰ সন্মুখীন হ'বলগা হয় জিলা পৰিষদখন ।১২ খন আসন বিশিষ্ট হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা,উপ সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে অনা হ'ল এই অনাস্থা প্ৰস্তাৱ।পৰিষদখনৰ বিজেপিৰ ৬ গৰাকীকৈ সদস্যই আনিলে এই অনাস্থা ।আজি হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পংকজ ডেকাৰ ওচৰত আনুষ্ঠানিক ভাৱে এই সদস্য কেইজনে দাখিল কৰে অনাস্হা প্ৰস্তাৱ।
উল্লেখ্যযে,হোজাই জিলাত দুজনকৈ বিজেপিৰ বিধায়ক থকাৰ পিছতো কংগ্ৰেছে ছয়খন আসন দখল কৰি গঠন কৰিছিল জিলা পৰিষদখন |কিন্তু সভানেত্ৰী হোৱাৰ পিছতে ৰেজিয়া চুলতানাৰ বিৰুদ্ধে ২৫৩/১৯ নম্বৰত ৪২০/৪৬৮/৪৭১ ধাৰাত ৰুজু হ'ল গোচৰ ।তাৰ পিছতেই পৰিষদ খনত সৃষ্টি হয় চৰম অচলাৱস্থাৰ।আজি বিজেপিৰ কেইবাজনীয়া দল এটাৰ সৈতে বিষয়া গৰাকীৰ ওচৰলৈ হৈ দলটোৰ ছয়জনকৈ সদস্যই দাখিল কৰিলে এই অনাস্হা পত্ৰ দাখিল কৰি সাংবাদিকৰ আগত বিজেপি দলৰ একাংশ নেতা কৰ্মীয়ে প্ৰকাশ কৰে যে হোজাই জিলা পৰিষদ এইবাৰ বিজেপি দলে গঠন কৰিবই ।
- Log in to post comments
- 25 views