বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন সম্পন্ন:কৃতী শিক্ষাৰ্থী, অৱসৰ প্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰীক সম্বৰ্ধনা

bgn

বঙাইগাঁওঃ ৩ জুলাইঃ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিৱেশনখন আজি বঙাইগাঁৱৰ ৫২ নং মাজগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ পুৱাৰ ভাগত মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি গৌৰীকান্ত বৰ্মণে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা অধিৱেশনৰ কাৰ্যসূচী মৰ্মে স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে মহকুমা শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি অৰবিন্দ ৰায়ে ৷ গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে উল্লেখিত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি অনিল চন্দ্ৰ ৰায়ে ৷ ইয়াৰ পাছতে গৌৰীকান্ত বৰ্মণৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা ৷

প্ৰতিনিধি সভাই কে'বাটাও প্ৰস্তাৱ গ্ৰহণ কৰে  ৷ বিয়লি মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি গৌৰীকান্ত বৰ্মণৰ সভাপতিত্বত অনুষ্ঠিতসম্বৰ্ধনা আৰু মুকলি সভাত চোকাপাৰা কেন্দ্ৰ এলেকাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মুঠ আঠ গৰাকী শিক্ষাৰ্থী আৰু বিগত ২০১৭ বৰ্ষৰ এক এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ত্ৰিছ মে'লৈকে অৱসৰ গ্ৰহণ কৰা মুঠ ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে টুলুঙীয়াৰ প্ৰকৃতিপ্ৰেমী বুদ্ধেশ্বৰ ৰায়ক বিশেষভাৱে সম্বৰ্ধন জনোৱা হয় ৷ মুকলি সভাৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি আব্দুল ৰছিদ, বৰ্তমানৰ উপ-সভাপতি সুব্ৰত ধৰ, সাধাৰণ সম্পাদক ৰাতুল গোস্বামী, বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক প্ৰফুল্ল ৰাম দাস বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকি সাম্প্ৰতিক শিক্ষা ব্যৱস্থা, সমস্যা, ইয়াৰ বাবে কৰণীয়, শৈক্ষিক উন্নীতকৰণ আদি বিষয়ত আলোকপাত কৰে ৷

উল্লেখ্য যে প্ৰতিনিধি আৰু বিষয় বাচনি সভাত পৰৱৰ্তী কাৰ্যকালৰ বাবে উমেশ সৰকাৰক সভাপতি আৰু পূৰ্বৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদস্যৰে বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমিতিখন গঠন কৰা হয় ৷ সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাধ্যক্ষ সতীন চন্দ্ৰ ৰায়ে মঞ্চ মুকলি কৰা সাংস্কৃতিক অনুষ্ঠানত প্ৰতিটো শিক্ষক কেন্দ্ৰৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে গীত,নৃত্য, কবিতা আবৃত্তি, কৌতুক আদি পৰিৱেশন কৰে ৷

Your Comments