ঘগ্ৰাপাৰত আৰক্ষী প্ৰশাসনৰ বিশেষ তৎপৰতা:যান বাহন আইন ভংগ কৰা চালকৰ বিৰুদ্ধে জৰিমনা 

ghagra

নৰেন শৰ্মা,বাহাৰঘাট,৩জুলাইঃ

দুৰ্ঘটনা প্ৰতিৰোধ আৰু যান-বাহন চলাচল আইন ভংগ কৰা একাংশ উদণ্ড চালকক নাকী লগোৱাৰ উদ্দেশ্যে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী আৰু ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জোনটি ডেকাৰ নেতৃত্বত এটা দলে আজি ঘগ্ৰাপাৰত আকস্মিকভাৱে অভিযান চলাই কেইবাখনো বাছৰ চালকক জৰিমনা বিহা হয়।  উল্লেখ‍্য‍ যে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ  ঘগ্ৰাপাৰ হাইৱে চ'কতো  এটি ব্যস্ততাপৰ্ণ চ'ক হিচাপে বিবেচিত হৈ আহিছে। এই চ'কটোত বিভিন্ন প্ৰান্তৰ যাত্ৰীয়ে বাছত উঠা-নমা কৰা উপৰিও পথটোৰে  বিভিন্ন প্ৰান্তৰ কলেজ,বিদ্যালয় তথা অনুষ্ঠান প্ৰতিষ্ঠানলৈ মানুহে অহা যোৱা কৰে৷

এই হাইৱে চ'কটো সংযোগী অন্য দুটা অতি ব‍্যস্ত পথ হ'ল ঘগ্ৰাপাৰ ষ্টেচন পথ আৰু ঘগ্ৰাপাৰ-তামুলপুৰ পথ।এই দুয়োটা পথেৰেও ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ লোকৰ চলাচল হয়৷ আজি কিছুদিনৰ পৰা ৩১ নং ৰাট্ৰীয় ঘাইপথটোৰ ঘগ্ৰাপাৰ হাইৱে চ'কত  একাংশ উদণ্ড বাছ চালকে টেফ্ৰিক আইন উলংঘা কৰি নিৰ্দিষ্ট স্থানত গাড়ীসমুহ ৰখাৰ ব‍্যৱস্থা নকৰি নিজ মইমতালিৰে যতে-ততে  বাছ বা অন্য বাহন ৰাখি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি অহাৰ সময়তে আজি আকস্মিকভাৱে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত টেফ্ৰিক আৰক্ষীয়ে এনেদৰে প্ৰতিদিনে যানবাহন আইন ভংগ কৰি  বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ  ছাত্র-ছাত্রী,পথচাৰী তথা ৰাইজক অসুবিধাত পেলাই অহা কেবাখনো বাছ চালকৰ বিৰুদ্ধে জৰিমনা আদায় কৰে।

উল্লেখ‍্য‍্য যে বিগত দিনত একাংশ উদণ্ড চালকে যান-বাহন চলাচলৰ নিয়ম নীতি সম্পূৰ্ণ উলংঘা কৰি অনিয়ন্ত্ৰিতভাবে গাড়ী চলোৱাত শিক্ষাৰ্থীৰ লগতে সাধাৰণ পথচাৰীয়ো  উক্তস্থানতে দুৰ্ঘটনাগ্রস্থ হৈ মৃত্যুবৰণ কৰিবলগীয়া হোৱাৰ লগতে স্থানদোখৰত প্ৰতিদিনে সৰু-বৰ দুৰঘৰ্টনাও সংঘটিত  হৈ আহিছে৷ এই সন্দৰ্ভত বিগত দিনত সচেতন ৰাইজে ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াক অৱগত কৰি আহিছিল৷

আজি ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই বিষয়াদ্বয়ে এই অভিযান চলায়। উল্লেখ্য যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া,আৰু ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া গৰাকীৰ এই পদক্ষেপত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতেও এনে পদক্ষেপ অব্যাহত ৰখাৰ আহ্বান জনাইছে৷

Your Comments