৫ কংগ্ৰেছী সদস্যৰ সমৰ্থনেৰে মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰীৰ বিৰুদ্ধে বিজেপিয়ে আনিলে অনাস্থা প্ৰস্তাৱ

জিতুমনি নাথ, মৰিগাঁও,৩ জুলাই :

কংগ্ৰেছৰ দখলত থকা মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰীৰ বিৰুদ্ধে ১০ জনকৈ সদস্যই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা ঘটনাই ব্যাপক জোকাৰণিৰ সৃষ্টি কৰিছে মাৰিগাঁৱৰ ৰাজনীতিত। তাৎপৰ্য্য পূৰ্ণ বিষয় যে কংগ্ৰেছৰ ৫ জনকৈ সদস্যই কংগ্ৰেছ ত্যাগ কৰি শাসকীয় বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ঘটনাই কংগ্ৰেছৰ ভিতৰচ'ৰাটো সৃষ্টি কৰিছে ব্যাপক জোকাৰণিৰ। উল্লেখ্য যে জিলা পৰিষদৰ কোনো ধৰণৰ উন্নয়ন মূলক কাম-কাজ নৌহওতেই জিলা পৰিষদৰ সভানেত্ৰীয়ে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ'ব লগা হোৱা ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে।বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত মৰিগাঁও জিলাৰ ১৩ টা জিলা পৰিষদৰ  ৮তাতে কংগ্ৰেছ দলে জয়ী হোৱাৰ বিপৰীতে শাসকীয় বিজেপি দল জয়ী হৈছিল ৫ টা সমষ্টিত।

সাধাৰণ শ্ৰেণী মহিলাৰ বাবে সংৰক্ষিত জিলা পৰিষদৰ সভানেত্ৰী পদত সেই অনুসৰি কংগ্ৰেছৰ কুশতলি জিলা পৰিষদৰ সদস্যা  মজবুন নেহাৰক সভানেত্ৰী  হিচাপে নিৰ্বাচিত কৰে কংগ্ৰেছ দলে। সেই সময়ত শাসক দল বিজেপিয়ে  মৰিগাঁও জিলা পৰিষদ দখল কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছিল যদিও সফল হ’ব নোৱাৰিলে। কিন্তু বৰ্তমানে কংগ্ৰেছৰ ৫ জনকৈ সদস্যই বিজেপি দলক সমৰ্থন কৰাত  বিজেপিয়ে  আজি বিজেপিৰ ৫ জন আৰু কংগ্ৰেছৰ ৫ জন সদস্যসহ মুঠ ১০ জন সদস্যই অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰি আজি মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া হাতত অৰ্পণ কৰে। অসম পঞ্চায়ত আইন ১৯৯৪ ৰ ৭৩ ধাৰাৰ অধীনত অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে সদস্য  সকলে। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দললৈ সমৰ্থণ আগবঢ়োৱা সদস্য কেইজন হৈছে মনিষা বৰদলৈ (চাবুকধৰা ),আবিদা বেগম (মৈৰাবাৰী),অসমী পাতৰ (চৰাইবাহী),ইছমেৰা বেগম (লাহৰীঘাট)আৰু চামিম হাছান (দলৈগাঁও)।

মৰিগাঁও জিলা পৰিষদৰ উপ-সভানেত্ৰী ৰিজুমনি মালাকাৰ শইকীয়াৰ নেতৃত্বত দাখিল কৰা আজিৰ এই অনাস্থা প্ৰস্তাৱৰ পিছতেই কোন হ'ব মৰিগাঁও জিলা পৰিষদৰ নতুন সভানেত্ৰী তাকে লৈ  শাসকীয় বিজেপিৰ মাজত আৰম্ভ হৈছে জল্পনা কল্পনাৰ। এই ক্ষেত্ৰত মন্ত্ৰী পিয়ুষ হাজৰিকাই কোন গৰাকী সদস্যাৰ প্ৰতি কৃপা দৃষ্টি নিক্ষেপ কৰিব তাৰ ওপৰতেই সকলো নিৰ্ভয় কৰিব বুলি চৰ্চা লাভ কৰিছে।

Your Comments