গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ মাজত দীৰ্ঘদিনৰ পৰা চলি থকা সংঘাতৰ অন্তত গোলাঘাটৰ প্ৰশাসনে তলা লগালে গোলাঘাট চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত। জানিব পৰা মতে ,পূৰ্বতে অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা শাখাই কাৰ্যালয়টো চলাই আছিল যদিও ভাৰতীয় চাহ মজদুৰ সংঘই ব্যৱহাৰ কৰাত দুয়োপক্ষৰ মাজত সংঘাত আৰম্ভ হয়।
পিছত দুয়োটা পক্ষই পৃথকে পৃথকে গোলাঘাট আৰক্ষী থানাত অভিযোগ দাখিল কৰে।উক্ত অভিযোগৰ ভিত্তিত মঙলবাৰে গোলাঘাট জিলা দণ্ডাধীশৰ নিৰ্দেশ অনুযায়ী দুয়োটা পক্ষকে কাৰ্যালয়টোত প্ৰৱেশত বাধা দি তলা লগাই দিয়ে প্ৰশাসনে।
- Log in to post comments
- 12 views