চৰাইদেউৰ সোণাৰিত জাল- জাকৈ লৈ অভিনৱ প্ৰতিবাদ আহোম সেনাৰ

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ মাজমজিয়াত জাল-জাকৈ লৈ প্ৰতিবাদত নামিল আহোম সেনাৰ চৰাইদেউ জিলা সমিতি।ঐতিহাসিক ধোদৰ‌আলিত কেইবাটাও পুখুৰী সদৃশ দ' গাতৰ সৃষ্টি হৈ যাতায়তৰ ক্ষেত্ৰত স্বয়ং সোণাৰি নগৰৰ মাজমজিয়াতে ৰাইজে দুৰ্ভোগ  ভুগিবলগীয়া হোৱাৰ প্ৰতিবাদত আজি সংগঠনটোৱে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। পথটি মেৰামতি তথা নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পাছতো আজিকোপতি গড়কাপ্তানী বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে আহোম সেনাৰ চৰাইদেউ জিলা সমিতি।আজিৰ প্ৰতিবাদস্থলীৰ পৰাই অনাগত সাত দিনৰ ভিতৰত পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

Your Comments