চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত গীষ্মকালীন বিনামূলীয়া পাঠদান আৰম্ভ

senga

চেঙাৰ পৰা সুৰজিৎ পাঠকৰ প্রতিবেদন :

বৰপেটা জিলাৰ এটি অগ্ৰণী বেচৰকাৰী সংস্থা চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত মঙলবাৰৰ পৰা চেঙা অভ্যাসন মজলীয়া বিদ্যালয়ত আৰম্ভ হৈছে বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান। নৱম আৰু দশম শ্ৰেণীৰ বাবে  সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজী বিষয়ত বিনামূলীয়াকৈ এমাহ পাঠদান প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে চেঙা উদীয়মান যুৱ সংঘই।এই উদ্দেশ্যে মঙলবাৰে চেঙা অভ্যাসন মজলীয়া বিদ্যালয়ত পাঠদান শুভাৰম্ভ কৰাৰ  বাবে এখনি সভা অনুষ্ঠিত হয়। বেচৰকাৰী সংস্থাটোৰ সভাপতি মইদুল ইছলামে( মণি) আঁত ধৰা সভাখনত সভাপতিত্ব কৰে চেঙা এম ই মাদ্ৰাছাৰ শিক্ষক আবজাল আলীয়ে। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত  চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই শিক্ষকতকৈ ডাঙৰ কোনো হ'ব নোৱাৰে বুলি উল্লেখ কৰে আৰু ছাত্ৰ -ছাত্ৰীসকলক সময়-নিষ্ঠা আৰু নিয়মানুৱৰ্তিতা মানি চলিবলৈ আহ্বান জনায়।শিক্ষকৰ প্ৰতি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ শ্ৰদ্ধা-ভক্তি আৰু ভয় ভাৱ থাকিব লাগিব, তেতিয়াহে এগৰাকী শিক্ষাৰ্থীয়ে জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব  বুলিও উল্লেখ কৰে ঠাকুৰীয়াই । আনহাতে  চেঙা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য প্ৰদীপ দেৱ বায়ন, পূৱ চেঙা হাইস্কুলৰ প্ৰধান শিক্ষক তাইজুদ্দিন আহমেদ, চেঙা অভ্যাসন মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক সমেজউদ্দিন আহমেদ, চেঙা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক জাইৰুল ইছলাম, এনজিঅ'টোৰ উপদেষ্টা তথা শিক্ষক হাচিব আহমেদ আদি বিশিষ্ট লোকসকলে সভাখনত উপস্থিত থাকি  ছাত্ৰ- ছাত্ৰীৰ উপযোগী হোৱাকৈ  ভাষণ প্ৰদান কৰে। চেঙা উদীয়মান যুৱ সংঘৰ এনে মহৎ প্ৰচেষ্টাক সচেতন লোকে ভূয়সী প্ৰশংসা কৰে।

Your Comments