হোজাইৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত যুৱতী উদ্ধাৰ

hojai

লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :

হোজাই জিলাৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয়‌ ঘাইপথৰ ফৰেষ্ট গেটৰ সমীপত সোমবাৰে নিশা উদ্ধাৰ হয় এগৰাকী যুৱতী ।উদ্ধাৰ হোৱা যুৱতী গৰাকীৰ  ঘৰ নগাঁৱত । বেগম উপাধিধাৰী যুৱতী গৰাকীৰ ভাষ্য অনুসৰি লংকাৰ নতুন বজাৰৰ যুৱক মকছিদুল সহ আন এজন যুৱকে যুৱতী গৰাকীক আবেলি ৩ মান বজাত টাটাচুমু গাডীত লংকালৈ লৈ আহে আৰু লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ ফৰেষ্ট গেটৰ সমীপত যুৱতী গৰাকীক অকলশৰে এৰি দুই যুৱক অন্তৰ্ধান হয় | পিছত স্থানীয় ৰাইজে উদালী আৰক্ষীক খবৰ দিয়াত লংকাৰ ফৰেষ্ট গেটৰ সমীপৰ পৰা যুৱতী গৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি ডৱকাৰ মহিলা জিৰণী গৃহলৈ প্ৰেৰণ কৰে |

Your Comments