মুখ্যমন্ত্ৰীৰ উপস্থিতিত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ সফল সামৰণি

cm

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ :

ঐতিসাহিক শিৱসাগৰ পুখুৰী পাৰত অৱস্থিত  একমাত্ৰ বাণিজ্য শিক্ষাৰ শিক্ষানুষ্ঠান শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি যোৱা ১ জুলাইত সফলভাৱে সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুকলি সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱালে কয়, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জ্ঞানৰ বীজ অংকুৰিত কৰাৰ বাবে সৰ্বাত্মক প্ৰয়াস চলাব লাগিব। তেওঁ লগতে আৰু কয়,উপযুক্ত মানৱ সম্পদ অবিহনে অসমীয়াই বিশ্বজয় কৰাটো সম্ভৱ নহয়,বিশ্বজয়ৰ বাবে শিক্ষা আৰু জ্ঞান দুয়োটাৰে প্ৰয়োজন৷ শিক্ষাৰ যোগেদি মানুহ জ্ঞানী হ’ব পাৰে, জ্ঞানী হ’লেহে শক্তিশালী হ’ব পাৰি৷ শক্তিশালী হৈ ইতিবাচক দৃষ্টিভংগীৰে আমি নিজক গঢ় দিয়াৰ লগতে সমাজ আৰু ৰাষ্ট্ৰ নিমাণ কৰি বিশ্বজয় কৰিব  লাগিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে৷cm2

আনহাতে, ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত যোগোৱা অৰিহণাৰ বাবে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মানৱ সম্পদ গঢ়াৰ এই অভিযান অবিৰতভাৱে চলাই যাবলৈ আহ্বান জনায়।  মহাবিদ্যালয়খনৰ আন্তগাঁথনি উন্নয়ণৰ বাবে ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ। 

সভাত উপস্থিত থাকি মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহনে মহাবিদ্যালয়ৰ আন্তগাঁথনি উন্নয়ণৰ বাবে বিধায়ক পূজিৰ পাঁচ লাখ টকাৰ অনুদান আগবঢ়ায়। সভাত সাংস্কৃতিক কৰ্মী শ্যামকানু মহন্ত, অসম চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি ৰূপম গোস্বামী,  জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা, অ'এনজিচিৰ কাৰ্যবাহী বিষয়া সুৰেশ ডি মাস্কে, শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন আৰু সমাজসেৱিকা সুৰভী ৰাজকুমাৰীয়ো উপস্থিত থাকে। cm5

পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পৰা এক বৰ্ণিল সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয়। শুভাযাত্ৰাৰ শুভাৰম্ভ কৰে জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই। মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই সাংস্কৃতিক শুভাযাত্ৰাত মহাবিদ্যালখনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে। এই সাংস্কৃতিক শুভাযাত্ৰাত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয় । 

মুকলি সভাৰ পূৰ্বে বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা দিপালী চলিহাক সম্বৰ্ধনা জনোৱা হয়। দুয়োটা দিনত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নৃত্য গীত প্ৰদৰ্শন কৰাৰ লগতে হাস্যমধুৰ অনুষ্ঠানো পৰিবেশন কৰে। সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী কুসুম কৈসাশ, আচুৰ্য বৰপাত্ৰগোহাঁই, বাঁহী বাদক দীপক শৰ্মাকে ধৰি বহু শিল্পীয়ে অংশ গ্ৰহণ কৰে।

Your Comments