মৰিগাঁৱৰ পৰা জিতুমনি নাথৰ প্রতিবেদন,২ জুলাই :
চিকিৎসা সেৱা আৰু ৰাজনৈতিক ক্ষেত্রখনৰ কিংবদন্তী পুৰুষ,পশ্চিমবংগৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী ডা০ বিধান চন্দ্ৰ ৰায়ৰ জন্ম আৰু মৃত্যু তাৰিখ ১ জুলাই দিনটো ভাৰত চৰকাৰে ১৯৯১ চনত চিকিৎসক দিৱস হিচাপে ঘোষণা কৰিছিল। চলিত বৰ্ষত এই দিৱসটো হিংসা বিৰোধী দিৱস হিচাপে উদযাপিত হৈছে। সোমবাৰে দেশজুৰি উদযাপিত দিৱসটোৰ মূল বিষয় বস্তু হৈছে স্বাস্থ্য সেৱাত হিংসা(Violence in health care)। এই বিষয়কে সৰোগত কৰি কালি ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন আৰু আচাম মেডিকেল চাৰ্ভিচ এছ'চিয়েচনৰ উদ্যোগত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত নাগৰিক, সমাজকৰ্মী আৰু চিকিৎসক সকলৰ এক সজাগতা সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে উপায়ুক্ত ঋতুৰাজ বৰাই ডা০ বিধান চন্দ্ৰ ৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ পাতনি মেলে। সংক্ষিপ্ত ভাষণত উপায়ুক্ত ঋতুৰাজ বৰাই চিকিৎসক সকলৰ দায়বদ্ধতা,নাগৰিক সমাজৰ সহযোগত এক ফলপ্ৰসূ চিকিৎসা সেৱা আৰু গঢ়ি তোলাৰ কথা উল্লেখ কৰে। অসামৰিক চিকিৎসালয়খনৰ ৰোগীৰ আশা পূৰণ কৰিবলৈও তেওঁ চিকিৎসক সকলক আহ্বান জনায়। অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা আই এম এৰ মৰিগাঁও শাখাৰ সভাপতি ডা০ নকুল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ আঁত ধৰি সম্পাদক ডা০ জয়ন্ত কুমাৰ নাথে কয় শেহতীয়াকৈ হকে বিহকে চিকিৎসকৰ ওপৰত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পোৱাত মনোবল ভাঙি পৰিছে চিকিৎসক সকলৰ। এই অশুভ প্ৰৱণতা প্ৰতিৰোধৰ বাবে তেওঁ নাগৰিক সমাজৰ সহযোগিতা বিছাৰে। নাগৰিক সমাজৰ তৰফৰ পৰা প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,বৰ্তমানৰ সভাপতি প্ৰতাপ হাজৰিকাই ভাষণ প্ৰসংগত চিকিৎসক,চিকিৎসাকৰ্মী নিগ্ৰহত উদ্ৰেগ প্ৰকাশ কৰে। তেওঁলোকে অসামৰিক চিকিৎসালয় খনত অবাঞ্চিত লোকৰ দপদপনি বন্ধ কৰিবলৈ আৰু স্থায়ী ভাবে আৰক্ষী মোতায়েন কৰা সম্পৰ্কতো তেওঁ দৃষ্টি আকৰ্ষণ কৰে। অৱসৰ প্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পুনিৰাম পাতৰ,আমচাৰ মৰিগাঁও শাখাৰ সভাপতি ডা০ চন্দ্ৰচিং দেউৰীয়েও ভাষণ দিয়ে। সজাগতা সভাত অৱসৰ প্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰবীন হাজৰিকা,অধীক্ষক ডা০ মবিদুৰ ৰহমান উপ- অধীক্ষক কল্পনা গগৈ, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিণী বৰকটকী,সোনেশ্বৰ দেউৰজা,অৰুণ নাথ,জয়া বড়ো,দিচেন বৰদলৈ,মনিকা বৰা শ্বেমিম আহমেদ,তুলেশ্বৰ নাথ,এল পি দাস,দুলাল মেধী প্ৰমুখ্যে চিকিৎসক সকলে যোগদান কৰে।
জিতুমনি নাথ /মৰিগাঁও
- Log in to post comments
- 3 views