নিৰ্বাচনৰ সময়ত দলীয় কৰ্মীৰ হেৰোৱা চাইকেল নিজ দৰমহাৰ ধনেৰে কিনি দিলে বিধায়ক উৎপল বৰাই

gahpur

গহপুৰৰ পৰা মাধৱ শৰ্ম্মাৰ প্ৰতিবেদন:

গহপুৰ সমষ্টিৰ ককিলাত লোকসভা নিৰ্বাচন প্ৰচাৰৰ বাবে অসম চৰকাৰৰ  মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্হিতিত এখন সভা আয়োজন কৰা হৈছিল ।উক্ত সভাত ডুবিয়া যোৰহটীয়া অঞ্চলৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন একনিষ্ঠ কৰ্মী প্ৰদীপ শইকীয়াইয়ো আন লোক সকলৰ লগত উক্ত সভা খনত অংশগ্ৰহণ কৰিছিল। কিন্তু দূৰ্ভাগ্যবশত সভা স্থলীলৈ তেওঁ লৈ যোৱা তেওঁৰ একমাত্ৰ সম্বল  চাইকেলখন সভাস্হলীৰ পৰায়ে কেনেবাকৈ নিখোজ হৈছিল।কিছু পলমকৈ হলেও উক্ত কথাটো গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ জ্ঞাত হয়, মঙলবাৰে বিধায়ক গৰাকীয়ে ব্যক্তিগত দৰমহাৰ  টকাৰে চাইকেল এখন ক্ৰয় কৰি নিজ হাতেৰে উক্ত লোক জনক প্ৰদান কৰে ৷ বিধায়ক গৰাকীৰ এই বাদন্যতাৰ সকলোৱে একমুখে শলাগ লৈছে।

 

Your Comments