হাজোত ২০ টকাৰ বাবেই এজনক হত্যা

hajo

হাজোৰ পৰা কমলাকান্ত দাসৰ প্রতিবেদন :

 হাজোৰ বৰাহটোলাত মাত্ৰ ২০ টকাৰ বাবেই এক নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুযায়ী পদুম দাস নামৰ এজন যূৱকৰ উপৰ্যুপৰি প্ৰহাৰত অৱশেষত প্ৰাণত্যাগ কৰে অনিল দাস নামৰ এজন দুৰ্ভগীয়া ব্যক্তিয়ে। ঘটনাৰ বিবৰণী মতে যোৱাকালি পুৱা প্ৰাতভ্ৰমণলৈ গৈছিল অনিল দাস।সেই সময়তে পদুম দাস নামৰ যুৱকজনে অনিল দাসৰ পৰা২০ টকা বিচাৰে। কিন্তু ২০টকা দিবলৈ অমান্তি হোৱাত পদুমে উপৰ্যুপৰি প্ৰহাৰ কৰে অনিল দাসক। ফলত অতি গুৰুতৰভাৱে আহত হয় অনিল দাস। পৰিয়ালৰ লোকে ততাতৈয়াকৈ অনিল দাসক হাস্পতালত ভৰ্তি কৰায় যদিও অৱশেষত আজি চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । অনিল দাসৰ পত্নী তথা পৰিয়ালে হাজো থানাত সম্প্ৰতি হত্যাকাৰী পদুম দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । হাজো আৰক্ষীয়ে পদুমৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৪৪৭/ ৩২৫/৩০২ধাৰাৰ  অধীনত ৫৬১/১৯নম্বৰত গোচৰ ৰুজু কৰি ঘটনাৰ এটা তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।ইফালে  হত্যাকাৰী পদুম বৰ্তমানেও  পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।

Your Comments