জনজাতিকৰণ :সমস্যাটো সমাধান কৰাৰ বাবে সদিচ্ছা নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ- কোচ ৰাজবংশী সংগ্ৰাম সমিতি 

aakraru

বঙাইগাঁওঃ২ জুলাইঃ

কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই সোমবাৰে লোক সভাত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰই মডেলিটি সংশোধন নকৰে বুলি বিবৃতি প্ৰকাশ কৰাত ইয়াৰ দ্বাৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ সদিচ্ছা নাই সেই কথা প্ৰমাণিত হৈছে বুলি মন্তব্য কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে ৷ এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে বিজেপিয়ে অকল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থতহে নিৰ্বাচনী সভা- সমিতি আৰা নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উল্লেখ কৰি আহিছে ৷ আনকি ছয় জনগোষ্ঠীৰ অনুসূচিত জনজাতিকৰণৰ সমস্যাটোকলৈ বিজেপিয়ে ৰাজনৈতিক বোকা খেল খেলি আছে বুলি কৈ নেতাদ্বয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ৰাজনৈতিক বোকা ছটিওৱা খেল বন্ধ কৰি নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনায় ৷

অন্যথা বিজেপিয়ে ভৱিষ্যতে ইয়াৰ প্ৰতিফল ভূগিব লাগিব বুলিও সকিয়াই দিয়ে ৷ বিবৃতিটোত লগতে জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই সদনত প্ৰকাশ কৰা ধৰণে যদি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত জটিলতাই আছে, তেতিয়াহ'লে বিগত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ কাৰ্যকালত চলিত ২০১৯ চনৰ ৯ জানুৱাৰীত কেনেকৈ ৰাজ্য সভাত ছয় জনগোষ্ঠীকে ধৰি ভালেকেইটা জনগোষ্ঠীৰ জনজাতিকপণৰ বিলখন উত্থাপন কৰিছিল বুলিও প্ৰশ্ন উত্থাপন কৰে নেতাদ্বয়ে ৷ সেয়ে জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাক পূৰ্বৰ কাৰ্যকালত উত্থাপন কৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন উভয় সদনত গৃহীত কৰি সমস্যাটো সমাধান কৰিবলৈ দাবী জনায় কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে ৷

Your Comments