বঙাইগাঁওঃ ২ জুলাইঃ
বঙাইগাঁৱৰ বিশিষ্ট নাগৰিক, কবি, নাট্যকাৰ, পৰিচালক, সাহিত্যিক, শিক্ষাবিদ কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মাৰ স্মৃতিত আজি বঙাইগাঁও জিলা সাহিত্য সভাই এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰাৰ লগতে তেওঁলৈ মৰণোত্তৰভাৱে 'সাহিত্যজ্যোতি' সন্মান প্ৰদান কৰে ৷ এই উপলক্ষে বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ বাসগৃহ ত্ৰিধাৰা ভৱন প্ৰাংগণত আবেলি এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত সহধৰ্মিণী মিনতি দেৱীয়ে বন্তি প্ৰজ্বলন কৰি পুষ্পাৰ্ঘৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠান মুকলি কৰে ৷ ইয়াৰ পিছতে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত শিক্ষাবিদ বিচিত্ৰ শৰ্মা, বঙাইগাঁও কলেজৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ডঃ পি কে ধৰ, বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদ্দুলা খান, বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ডাঃ নিৰ্মল কুমাৰ ৰায়, বিশিষ্ট লেখক হাৰানিধি চক্ৰৱৰ্তী, বঙাইগাঁও কলেজৰ অধ্যাপিকা ডঃ ৰূপাঞ্জলি দেৱী আদিয়ে প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ নাট্য চৰ্চা, সাহিত্য চৰ্চা, শিক্ষাৰ দিশ আৰু সামাজিক অৱদান সম্পৰ্কে আলোকপাত কৰে ৷ আনহাতে এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা স্তম্ভ লেখক তথা বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত ৰায়ে মুকুন্দ চন্দ্ৰ শৰ্মাৰ কবিতা আৰু নাট্য চৰ্চাৰ সান্নিধ্যৰ ওপৰত আলোকপাত কৰে ৷ অনুষ্ঠানত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে জিলা সাহিত্য সভাই প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ বিভিন্ন দিশ সামৰি প্ৰকাশ কৰি উলিওৱা 'শব্দাৰ্ঘ' শীৰ্ষক শ্ৰদ্ধা়ঞ্জলি গ্ৰন্থখন উন্মোচন কৰে ৷ গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত চন্দ্ৰা দেৱীয়ে মুকুন্দ চন্দ্ৰ শৰ্মাৰ কাব্যিক আৰু নাট্য চৰ্চাৰ লগতে সমাজলৈ শৰ্মাই আগবঢ়াই যোৱা অৱদানৰ ওপৰত বস্তনিষ্ঠভাৱে আলোচনা দাঙি ধৰে ৷ এই অনুষ্ঠানতে বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মালৈ বঙাইগাঁও জিলা সাহিত্য সভাই মৰণোত্তৰভাৱে আগবঢ়োৱা 'সাহিত্যজ্যোতি' সন্মান হিচাপে শৰ্মাৰ সহধৰ্মিণী মিনতি দেৱীৰ হাতত স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে ৷ অনুষ্ঠানত প্ৰয়াত শৰ্মাৰ স্মৃতিত কবি নিবেদিতা হাজৰিকাই কবিতা, অনিল কুমাৰ শৰ্মাই বৰগীত আৰু জ্যোতিৰেন্দ্ৰ অধিকাৰীয়ে শৰ্মাই ৰচিত গীত পৰিৱেশন কৰি শ্ৰদ্ধা যাচে ৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়, জিলা সাহিত্য সভাৰ উপ সভাপতি ৰামবিৰিক ৰায়, প্ৰাক্তন সম্পাদক বিক্ৰম মেধি সহ জিলা আৰু সাহিত্য সভাৰ কৰ্মী, সাহিত্য প্ৰেমী লোক উপস্থিত থাকে ৷ অনুষ্ঠানৰ আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ পাঠকে ৷ পৰিয়ালৰ হৈ প্ৰয়াত শৰ্মাৰ জীয়ৰী ধৃতাস্মিতা শৰ্মাই জিলা সাহিত্য সভাই প্ৰয়াত পিতৃলৈ তেওঁৰ জীৱনৰ কৰ্মৰাজিৰ বাবে 'সাহিত্যজ্যোতি' সন্মানেৰে বিভূষিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷
- Log in to post comments
- 19 views
