সৰুপথাৰৰ পৰা নবীন বৰাৰ প্রতিবেদন :
ধনশিৰি মহকুমাৰ নাওজানস্থিত বনবিভাগৰ কাৰ্যালয়ৰ অধীনৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান নাওঘাটত থকা অস্থায়ী বনবিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত বৃহৎ এলেকাৰ সংৰক্ষিত বনাঞ্চলৰ মাটিত সন্দেহজনক নাগৰিকক বসবাস কৰিবৰ বাবে স্বয়ং বন বিভাগৰ একাংশ লোকেই সুবিধা কৰি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ উপৰি সংৰক্ষিত বনাঞ্চলখনত থকা বৃহৎ বৃহৎ গছ-গছনি সমূহ কাটি বনাঞ্চলখনৰ ভূমিও কোনো দুষ্ট চক্ৰই বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইফালে এনেবোৰ কাৰ্য্য দেখিও বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বিভাগীয় লোকো সমগ্ৰ বিষয়টোৰ লগত জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে চুঙাজানৰ বিভিন্ন মহলে ৷ এই বিষয়টো সন্দৰ্ভত এক উচ্চস্তৰৰ তদন্তৰ দাবী কৰি ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ লগতে জিলা বনবিষয়ালৈ আজি চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এক পত্ৰ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে। এই কাৰ্য্যত বনবিভাগৰ একাংশ কৰ্মচাৰীৰ লগতে দালাল চক্ৰ এটায়ো জড়িত হৈ আছে বুলি এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়াই ৷
- Log in to post comments
- 10 views