বনবিভাগৰ কৰ্মীৰ সহযোগত চুঙাজান বনাঞ্চলৰ মাটি বেদখল, বনধ্বংস

forest

সৰুপথাৰৰ পৰা নবীন বৰা

ধনশিৰি মহকুমাৰ নাওজানস্থিত বনবিভাগৰ কাৰ্যালয়ৰ অধীনৰ অসম-নগালেণ্ড সীমাৰ চুঙাজান নাও ঘাটত থকা অস্থায়ী বনবিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত বৃহৎ এলেকাৰ সংৰক্ষিত বনাঞ্চলৰ মাটি সন্দেহজনক নাগৰিকক বেদখলৰ বাবে স্বয়ং বন বিভাগৰ একাংশ লোকে সুবিধা কৰি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি উক্ত সংৰক্ষিত বনাঞ্চত থকা বৃহৎ বৃহৎ গছ-গছনি কাটি পেলোৱাৰ লগতে বনাঞ্চলৰ ভূমিও কোনো দুষ্ট চক্ৰই বিক্ৰী কৰাৰ অভিযোগ উঠিছে৷ এনেবোৰ কাৰ্য্ দেখিও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত বিভাগীয় লোক সমগ্ৰ বিষয়টোত জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে  বিভিন্ন মহলে৷ উক্ত বিষয়টোৰ সম্পৰ্কত এক উচ্চস্তৰৰ তদন্ত কৰিবৰ বাবে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ লগতে জিলা বনবিষয়ালৈ আজি চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এক পত্ৰ প্ৰেৰণ কৰা হৈছে । উক্ত কুকাৰ্যত বনবিভাগৰ একাংশ কৰ্মচাৰীৰ লগতে দালাল চক্ৰ এটা জড়িত বুলিও এক বিস্ফোৰক মন্তব্য কৰিছে চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ৷

Your Comments