বৰপেটাৰ প্ৰতিবেদক
এনআৰচি,ডি-ভোটাৰ আদিকে ধৰি বিভিন্ন বিষয়ক লৈ একাংশ সংখ্যালঘু লোকে ভোগ কৰি অহা বিভিন্ন সামাজিক সমস্যা সম্পৰ্কে মুকলি আলোচনা কৰাৰ অৰ্থে বাক্সা জিলাৰ কাটাঝাৰ (ঘোঁৰামাৰা)বজাৰ প্ৰাংগণত বুধবাৰে দিনৰ ২ বজাত এখন বিশাল সজাগতা সভাৰ আয়োজন কৰা হৈছে। উক্ত সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দিল্লীৰ পৰা আমন্ত্ৰিত বিশিষ্ট মানৱধিকাৰ কৰ্মী,আইনজ্ঞ তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া হৰ্ছ মান্দেৰ।
অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব 'আমছু'ৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান¸ চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডঃ হাফিজ আহমেদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মণিৰুল হোছেইনকে আদি কৰি বহু বিশিষ্ট ব্যক্তি।উক্ত সজাগতা সভাত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।
- Log in to post comments
- 12 views