পানী পৰিশোধনৰ বিজ্ঞানসন্মত ব্যৱস্থা নাই:মহানগৰীত বন্ধ হ'ব ১৬ টা বিবাহ ভৱন

bibah

ৰেষ্টোৰাঁ আৰু চিকিৎসালয়ৰ পিছত এইবাৰ মহানগৰীত বন্ধ হ'ব ১৬টাকৈ বিবাহ ভৱন।পানী পৰিশোধনৰ বিজ্ঞানসন্মত ব্যৱস্থা নথকাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমে ইতিমধ্যে বিবাহ ভৱনকেইটালৈ যোগান ধৰা বিদ্যুৎ কৰ্তন কৰাৰ বাবে বিদ্যুৎ বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে।ইয়াৰ উপৰিও পানী যোগানৰ ব্যৱস্থা বন্ধ কৰাৰ বাবেও নির্দেশনা প্ৰদান কৰিছে নিৰ্দিষ্ট বিভাগক।


উল্লেখ্য যে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিয়ম অনুসৰি পানী পৰিশোধন কৰাৰ বাবে ইফুৱেণ্ট ট্ৰিটমেণ্ট প্লেটৰ ব্যৱস্থা থাকিব লাগে।কিন্তু এই ব্যৱস্থা নাই বিবাহ ভৱনকেইটাত।যাৰ বাবে অচিৰেই তলা উলমিব বিবাহ ভৱনকেইটাত।


এই সন্দৰ্ভত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাননী জাৰি কৰা বিবাহ ভৱনকেইটা হৈছে নাৰেংগীৰ সাগৰিকা প্লেচ আৰু টাউন হল ভৱন, জু-তিনিআলিৰ বৃন্দাবন গাৰ্ডেন, হাতীগাঁৱৰ ৰম্ভা মাধৱ অমৰাৱতী আৰু মনীষা ,পাঞ্জাবাৰীৰ চেলেষ্টিয়েল, লাল গণেশৰ উৰ্বা,চচলৰ জোনবেলি বিবাহ ভৱন,কুমাৰপাৰাৰ গ্ৰীণ কেছল আৰু হাৰিয়ানা চেৰিটেবল ট্ৰাষ্ট ভৱন, নাৰিকলবাৰীৰ জোনাকী কাৰেং,ভেটাপাৰাৰ চিটীডেন পাৰ্টী হল,মঠঘৰীয়াৰ কল্পনা,লাষ্ট গেটৰ এলজিএন প্লেচ, বাৰোৱাৰীৰ কণিকা বিবাহ ভৱন আৰু ৰিহাবাৰীৰ ৰিষ্টে বিবাহ ভৱন।

Your Comments