ঘন বৰাৰ প্রতিবেদন :
চৰাইদেউ জিলাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত অন্যতম এখন বনাঞ্চল হ'ল চলা সংৰক্ষিত বনাঞ্চল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি দীৰ্ঘদিন ধৰি একাংশ দুস্কৃতিকাৰীয়ে এই বনাঞ্চলখন ধ্বংস কৰিবলৈ উঠি পৰি লাগি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে চলাপথাৰ শ্যাম গাওঁৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি চলা সংৰক্ষিত বনাঞ্চলখনৰ প্ৰাকৃতিক সম্পদৰাজিক স্থানীয় ৰাইজৰদ্বাৰা সংৰক্ষণৰ বাবে বনাঞ্চলখনক "চলা গ্ৰাম্য অভয়াৰণ্য" হিচাপে নামকৰণ কৰি শেহতীয়াকৈ চলা গাওঁবাসীয়ে সজাগতা সৃষ্টিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই সজাগতাৰ অংশস্বৰূপে অভয়াৰণ্য খনৰ চাৰিওকাষে বাস কৰা চলাপথাৰ শ্যাম গাওঁ, পানীবিল, মানুহমাৰী বন গাওঁ, কলাখাটি, খনা চাহ বাগিচা আদি অঞ্চলৰ ৰাইজৰ মাজত কেইবাখনো সজাগতামূলক সভা আয়োজন কৰি বনাঞ্চলখনক 'চলা গ্ৰাম্য অভয়াৰণ্য ' ৰূপে সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে গাওঁবাসীয়ে।
ইফালে বিগত ডেৰ বছৰ ধৰি চলা গ্ৰাম্য অভয়াৰণ্যৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ উদ্দেশ্য আগত ৰাখি চলাপথাৰ শ্যাম গাওঁবাসীয়ে বিভিন্ন সজাগতামূলক সভা তথা অন্যান্য অনুষ্ঠান আয়োজন কৰি অহাৰ লগতে অভয়াৰণ্যখনত দুষ্কৃতিকাৰী কৱলত পৰি ইতিমধ্যে মুক্ত হৈ পৰা অঞ্চলসমূহত পৰ্যায়ক্ৰমে বনানীকৰণ কৰা কাৰ্যসূচীও আৰম্ভ কৰা হৈছে । ইয়াৰ প্ৰথম কাৰ্যসূচী ৰূপে যোৱা পাঁচ জুনত চলাপথাৰ শ্যাম গাওঁবাসীয়ে কাষৰীয়া গাওঁসমূহৰ গাঁওবাসীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান তথা বন বিভাগৰ সহযোগত বিশেষকৈ বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰৰ সহযোগত অভয়াৰণ্যখনত পাঁচ হাজাৰ গছপুলি ৰূপণ কৰা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ইণ্টাৰনেটৰ এটা ব্লগত অভয়াৰণ্যখনত গছপুলি সমূহ শিৱসাগৰ জিলাৰ ডিএফঅ বিদ্যুৎ বৰঠাকুৰ আৰু শিৱসাগৰ জিলাৰ সহপৰ্যটন বিষয়া মাধৱ দাসৰ নেতৃত্বতহে ৰোপন কৰা বুলি ভুৱা তথ্য প্ৰকাশ পাই। যাৰফলত চকু কপালত উঠে স্থানীয় সচেতন জনতাৰ।
এই সন্দৰ্ভত বিষয়টো স্পষ্ট কৰিবলৈ আজি চলাপথাৰ বৌদ্ধ বিহাৰস্থিত পালি বিদ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰে "চলা ভিলেজ চেনচুৱেৰী কনজাৰভেচন চচাইচি" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মকৰ্তা সকলে। সংবাদমেলত সংগঠনটোৰ সম্পাদক প্য-চেং-চাওলুৱে কয় যে চলাপথাৰ শ্যাম গাওঁবাসীয়ে উদ্যোগ লোৱা আৰু নেতৃত্ব প্ৰদান কৰা উক্ত কাৰ্যসূচী বিষয়া দুগৰাকীৰ নেতৃত্বত হোৱা বুলি ভুৱা সংবাদ পৰিৱেশন কৰা বুলি অভিযোগ কৰে। লগতে ব্লগটোৰ বাতৰিটোত চলা গ্ৰাম্য অভয়াৰণ্যখন চলাপথাৰ গাওঁবাসীয়ে নিজে উদ্যোগ লৈ সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰাৰ আচল ছবিখন প্ৰকাশ নকৰি তাৰ বিপৰীতে ৰাইজৰ প্ৰচেষ্টাক নস্যাত কৰি দুগৰাকী চৰকাৰী বিষয়াক তৈল মৰ্দন কৰিবলৈ সংবাদ পৰিৱেশন কৰা কাৰ্যক ধিক্কাৰ দিয়ে।
ইয়াৰ পৰিপ্ৰেক্ষিততে ব্লগটোত প্ৰচাৰিত ভুল তথ্য সম্বলিত চলা গ্ৰাম্য অভয়াৰণ্যৰ বাতৰিটো মচি দিবলৈ দাবী জনোৱা হয় ইয়াৰ অন্যথাই ব্লগটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও ঘোষণা কৰা হয় আজিৰ সংবাদমেল খনত। ইফালে চলা গ্ৰাম্য অভয়াৰণ্যৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব পৰাকৈ স্থানীয় ৰাইজৰ মতামতৰ ভিত্তিত ধ্ৰুৱজ্যোতি শ্যামক সভাপতি আৰু প্য চেং চাওলুক সম্পাদক হিচাপে লৈ চলা ভিলেজ চেনচুৱেৰী কনজাৰভেচন চচাইটি নামেৰে এটা স্বেচ্ছাসেৱী সংগঠন কৰাৰ কথা সংবাদ মেলত জানিবলৈ দি এই সংগঠনৰ দ্বাৰাই এতিয়াৰপৰা স্থানীয় ৰাইজৰ সহযোগত গ্ৰাম্য অভয়াৰণ্যখন সংৰক্ষণ আৰু উন্নয়ণৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। ইপিনে চলা গ্ৰাম্য অভয়াৰণ্যৰ ওপৰত 'চলাৰ চকুলো' নামৰ এখন তথ্য চিত্ৰ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে সংবাদমেল যোগে।
- Log in to post comments
- 13 views