বঙাইগাঁও, ১ জুলাইঃ
ভাৰতীয় চিকিৎসক সংস্থাৰ বঙাইগাঁও শাখাই আজি ডাঃ বিধান চন্দ্ৰ ৰায়ৰ ১৩৭ সংখ্যক জন্ম দিৱসটো চিকিৎসক দিৱস হিচাপে পালন কৰে ৷ এই উপলক্ষে পুৱা উত্তৰ বঙাইগাঁৱস্থিত চিকিৎসক সংস্থাৰ কাৰ্যালয়ত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চিকিৎসক সংস্থাৰ সভাপতি ডাঃ শংকৰ কুমাৰ দাসে ৷ ইয়াৰ পিছতে গছ পুলি ৰোপণ কাৰ্যসূচীত ৰাষ্ট্ৰীয় সেউজ আন্দোলনৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক উত্তম দাসসহ সংস্থাৰ জ্যেষ্ঠ চিকিৎসক সকলে অংশ লয় ৷ এই কাৰ্যসূচীৰ পাছতে ৰে'লৱে নিউ কলনিত অৱস্থিত আনন্দ মাৰ্গ বিদ্যালয় আৰু অনাথ শিশু গৃহত শিশু সকলৰ মাজত স্কুলীয়া প্ৰয়োজনীয় লিখন-পঠন সামগ্ৰী, জলপান আৰু ফল-মূল বিতৰণ কৰাৰ উপৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় ৷
লক্ষ্যণীয় যে অনাথ শিশু গৃহৰ সকলো শিশুক বঙাইগাঁৱৰ সকলো ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত বিনামূলীয়া চিকিৎসা লাভৰ বাবে অনাথ গৃহৰ মূৰব্বীৰ হাতত স্বাস্থ্য পত্ৰ প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত বঙাইগাঁৱৰ জ্যেষ্ঠ চিকিৎসক ডাঃ এম এন শইকীয়া, বঙাইগাঁও চিকিৎসক সংস্থাৰ সভাপতি ডাঃ শংকৰ কুমাৰ দাস, সাধাৰণ সম্পাদক ডাঃ সমিক দেৱ সহ কে'বাজনো চিকিৎসক, শুভাকাংক্ষী উপস্থিত থাকি অনাথ শিশুলৈ সামগ্ৰী প্ৰদান কৰে ৷ সন্ধিয়ালৈ চিকিৎসক দিৱস উপলক্ষে বঙাইগাঁঁও চিকিৎসক সংস্থাৰ কাৰ্যালয়ত ডাঃ বিধান চন্দ্ৰ ৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, সম্বৰ্ধনা অনুষ্ঠান, 'চিকিৎসক আৰু ৰোগীৰ মাজত সম্পৰ্ক আৰু চিকিৎসকৰ ওপৰত আক্ৰমণ' সন্দৰ্ভত আলোচনাৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ৷
- Log in to post comments
- 4 views