বঙাইগাঁওঃ ১ জুলাইঃ
চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ বুৰিখামাৰ গাঁওত বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত সেনা আৰু আৰক্ষী বাহিনীয়ে যৌথ অভিযান চলাই যোৱা নিশা মাৰণাস্ত্ৰসহ দুগৰাকী দুৰ্ধৰ্ষ মহিলা এন ডি এফ বি (ছাউৰাইগ্ৰা)ৰ সদস্যাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গ্ৰেপ্তাৰ হোৱা সদস্যা দুগৰাকী হৈছে শোণিতপুৰ জিলাৰ ৰঙাপাৰা কৰ্দৈগুৰীৰ জুলি বসুমতাৰী ওৰফে বি. জিৰি জিৰি (২৮) আৰু চিৰাং জিলাৰ আমগুৰী থানা এলেকাৰ ঔগুৰিৰ ৰতিমা বৰগয়াৰী (৩২) ৷ জুলি বসুমতাৰী এন ডি এফ বিৰ ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত আৰু ৪২ নম্বৰ প্ৰশিক্ষণ গোটৰ সদস্যা ৷
আনহাতে চিৰাং জিলাৰ আমগুৰী থানাৰ অন্তৰ্গত ঔগুৰীৰ ৰতিমা বৰগয়াৰী ওৰফে বি. ৰমৈ ৰমৈ এন ডি এফ বিৰ ৪০ নম্বৰ প্ৰশিক্ষণ গোটৰ ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত সদস্যা ৷ ইয়াৰে ৰতিমা বৰগয়াৰী নামৰ সদস্যা গৰাকী এন ডি এফ বি (ছা)ৰ মহিলা কল্যাণ বিভাগৰ কেন্দ্ৰীয় যুটীয়া সম্পাদিকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে । গ্ৰেপ্তাৰ হোৱা মহিলা সদস্যা দুগৰাকীৰ পৰা অভিযানকাৰী দলে দুটা নাইন এম এম পিষ্টল আৰু তিনিজাঁই .২২ বাৰৰ সজীৱ গুলি লগতে দুটা বেগপেক উদ্ধাৰ কৰে । ইপিনে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এই সন্দৰ্ভত প্ৰকাশ কৰামতে বিগত চাৰি-পাঁচ বছৰ ধৰি এন ডি এফ বিৰ সাংগঠনিক কাম কাজত জড়িত মহিলা কেডাৰ দুগৰাকীয়ে জিলাখনত কি কামৰ বাবে সোমাইছিল তাৰ ওপৰত তদন্ত অব্যাহত আছে ৷ আজি ধৃত মহিলা এন ডি এফ বিৰ সদস্যা দুগৰাকীক আদালতত হাজিৰ কৰোৱা হৈছে আৰু কিছুদিনৰ বাবে আৰক্ষী জিম্মাত বিচৰা হৈছে ৷ সেয়ে আৰক্ষীয়ে তদন্তত সবিশেষ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব ৷
- Log in to post comments
- 32 views