সোণাৰিত বুৰঞ্জীমূলক গ্ৰন্থ উন্মোচন

ghana bora

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
টাই আহোমৰ শিক্ষা-সংস্কৃতিৰ গৱেষক তথা মাহমৰা ডিপ্লিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰিয়বৰ কোঁৱৰৰ  Ahom land's Unknown and Unexposed FACTS  শীৰ্ষক গ্ৰন্থ খন আজি উন্মোচন কৰে সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰে। সোণাৰিৰ নগৰস্থিত চুকাফা কনিষ্ঠ মহাবিদ্যালয়ৰ জয়মতী সভাকক্ষত  অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত গ্ৰন্থখন উন্মোচন কৰা হয়। প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু সুৰক্ষা সমিতিৰ সভাপতি তুলসী নেওগৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত সোনাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে টাই আহোম সকলৰ প্ৰব্ৰজন,শিক্ষা, সংস্কৃতি, প্ৰশাসনিক ব্যৱস্থাৰ লগতে আহোম জনগোষ্ঠী সম্বন্ধীয় বহুকেইটা বিষয়ৰ ওপৰত প্ৰিয়বৰ কোঁৱৰে ৰচনা কৰা বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ ইংৰাজী অনুবাদো ইতিমধ্যেই হৈ গৈছে।

Your Comments