বঙাইগাঁৱত ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বৰ্ষপূৰ্তি পালন

bgn

বঙাইগাঁওঃ ১জুলাইঃ

সমগ্ৰ দেশৰ লগতে আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তথা এনআইচিৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বৰ্ষপুতি আনুষ্ঠানিক ভাবে পালন কৰা হয়। উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিগত ২০১৫ বৰ্ষৰ ১ জুলাইত ডিজিটেল ইণ্ডিয়াৰ শুভ উদ্বোধন কৰা হৈছিল । ইয়াৰ মূল লক্ষ্য হৈছে সকলো চৰকাৰী কাম কাজ প্ৰযুক্তি বিদ্যা সেৱাৰ জৰিয়তে সহজে নিৰ্মূল কৰা । ইয়াৰ পিছত প্ৰতি বছৰৰ ১ জুলাইৰ  দিনটো ডিজিটেল ইণ্ডিয়া দিন হিচাপে পালন কৰি অহা হৈছে ।

এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিৰ আসন গ্ৰহণ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷ আনহাতে আদৰণী  ভাষণ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে বঙাইগাঁও জিলাৰ প্ৰযুক্তি সঞ্চালক আৰু তথ্য বিষয়া ( Technical Director & DIO, Bongaigaon ) বিজয় মজুমদাৰে । সভাৰ উদ্দেশ্য ব্যাখ্যাত তথ্য বিষয়া মজুমদাৰে কয় যে ডিজিটেল ইণ্ডিয়াৰ যোগেদি বিভিন্ন চৰকাৰী সেৱা সমূহ ইলেক্ট্ৰিক মাধ্যমৰে প্ৰদান কৰিব পৰা যায় । ইতিমধ্যে জিলাখনৰ উপায়ুক্ত কাৰ্যালয়কে ধৰি কেইবাটাও বিভাগত ডিজিটেল সেৱাৰ জৰিয়তে ৰাইজক সেৱা প্ৰদান কৰি থকা হৈছে । সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাখনক ভবিষ্যতৰ বাবে তৈয়াৰ কৰাৰ লগতে সকলো কামৰ পদ্ধতি সলনি কৰি প্ৰযুক্তি বিদ্যাৰ সহায়ত সমস্যাৰ নিৰ্মূল কৰা ,যোগাত্মক পৰিৱৰ্ত্তনৰ বাবে প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰ তথা প্ৰৱৰ্ত্তন কৰা ইত্যাদি উদ্দেশ্য আগত ৰাখি ডিজিটেল ইণ্ডিয়াৰ প্ৰসাৰৰ বাবে ব্যবস্থা গ্ৰহণ কৰি থকা হৈছে। ডিজিটেল ইণ্ডিয়াৰ যোগেদি বঙাইগাঁও জিলাখনৰ চহৰ আৰু গাঁও এলেকা সমূহত বাস কৰা লোকসকলে ইন্টাৰনেট সংযোগৰ জৰিয়তে বহু কাম অনলাইনযোগে কৰিবলৈ সক্ষম হ'ব ।

অনাগত দিনত সাধাৰণ লোকে বিভিন্ন প্ৰয়োজনীয় নথি পত্র ৰাখিব পৰাকৈ ডিজিটেল ল'কাৰৰ ব্যৱস্থাও উপলবদ্ধ হ'ব বুলি কয় ৷ সভাৰ সভাপতি উপায়ুক্ত আদিল খানে তেখেতৰ ভাষণত সকলোকে প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিবলৈ কোৱাৰ লগতে সকলো কাম উক্ত সেৱাৰ জৰিয়তে কৰিবলৈ আহবান জনায় ৷ লগতে এই সেৱাৰ প্ৰচলন তথা আগবঢ়াই লৈ যোৱাৰ বাবে মাজে মাজে প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈও সংশ্লিষ্ট বিভাগক অনুৰোধ জনায় । আজিৰ এই সভাত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী, অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে অনুপম ডেকা , ধ্ৰুৱ জ্যাতি দাস , অৰূপ শৰ্মা আদিকে ধৰি বিভিন্ন বিষয়া- কৰ্মচাৰী সকল উপস্থিত থাকে ।

Your Comments