জামুগুৰিত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী "চোতাল" সম্পন্ন

ngo

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মাৰ প্রতিবেদন :
            

কবিতাক জনমুখী কৰাৰ প্ৰয়াসৰূপে যোৱা ত্ৰিশ জুন ৰবিবাৰৰ বিয়লি ছয় বজাৰ পৰা জামুগুৰিৰ বিশিষ্ট সাহিত্যিক, গীতিকাৰ তথা জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰবী লিগিৰাৰ চোতালত অনুষ্ঠিত হয় সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী "চোতাল" । সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, প্ৰচাৰ সম্পাদক অচ্যুত কুমাৰ বৰা, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, বোকাখাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়া, হোজাই জিলা কবি সন্মিলনৰ সম্পাদক জমিৰুদ্দিন তালুকদাৰ, ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি দিলীপ কুমাৰ নাথ, যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতি  প্ৰমূখ্যে বিশিষ্ট অতিথি সকল উপস্থিত থকা অনুষ্ঠানতেই কৰবী লিগিৰা আৰু পৱন শৰ্মাক ওপজা দিনৰ ওলগ জনাই ,সন্মিলনৰ লগতে বিভিন্ন ব্যক্তি তথা দল-সংগঠনে ।nagao

সঞ্জীৱ সাগৰ চৌধুৰী, অম্লান প্ৰতীম হাজৰিকা, পৱন শৰ্মা আৰু নন্দেশ্বৰ নাথৰ আহ্বানত অনুষ্ঠিত চোতাল অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনাতাঁৰ শিল্পী মিনা শইকীয়াৰ বৰগীত পৰিৱেশনৰে আৰম্ভ হয়। সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে আদৰণি ভাষণৰে সদৌ অসম কবি সন্মিলনৰ লক্ষ্য, উদ্দেশ্য সম্পৰ্কে শ্ৰোতাসকলক  অৱগত কৰে । জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াৰ তত্ত্বগধুৰ বক্তব্যৰ পাছতেই আৰম্ভ হোৱা কবিতাৰ আলাপত অচ্যুত কুমাৰ বৰা, দিলীপ কুমাৰ নাথ, দিজেন্দ্ৰ নাথ হাজৰিকা, ৰফিক উদ্দিন, ইমৰান হুছেইন মজুমদাৰ, দীপজ্যোতি কাকতি, নিৰলা শইকীয়া, কৰবী শইকীয়া, জিতু মেধি, জ্যোতিপ্ৰসাদ ডেকা, দীনবন্ধু দাস, লক্ষ্য জ্যোতি বৰা, জ্যোতি পৱন, অঞ্জুৰাণী দেৱী, প্ৰতিভা দেৱী, নীলোৎপল নাথ, ৰশ্মিৰেখা দেৱী, স্বভাৱ কবি নৰেন নাথ, ভাস্কৰ জ্যোতি  চৌধুৰী প্ৰমূখ্যে দেৰকুৰি কবিয়ে অংশগ্ৰহন কৰে । কবিতা পাঠৰ সমান্তৰালভাৱেই গীত পৰিৱেশন কৰে গম্ভীৰ নাথ, দেৱ শইকীয়া, কুমাৰ কিশোৰ, কল্পিতা দেৱী, মিনতি দেৱী কাকতি, প্ৰফুল্ল নাথ আৰু প্ৰেৰণা দেৱীয়ে । মদাৰজ্যোতিয়ে আঁত ধৰা অনুষ্ঠানটিত চোতালৰ গৃহস্থ মুনীন্দ্ৰ নাথ, জামুগুৰি শাখা সাহিত্য সভাৰ সম্পাদক প্ৰিয় কুমাৰ নাথ, সঞ্জীৱ সাগৰ চৌধুৰীৰ  বক্তব্যৰ পাছত সন্মিলনৰ কাব্যমন্ত্ৰ পাঠৰে অনুষ্ঠানৰ সফল সামৰণি ঘটোৱা হয়।

Your Comments