জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ১ জুলাই
চতিয়া বিধান সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সবল নেতৃত্বত সমষ্টিটোৰ বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, ৰাজহুৱা স্থানত বৃক্ষৰোপণ আৰু স্বচ্ছতাৰ এক আন্দোলন গঢ়ি তোলাৰ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাস্থিত কুসুমটোলা উচ্চ ইংৰাজী বিদ্যালয়ত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সম্পাদক, পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা 'দৈনিক জনমভূমি'ৰ সাংবাদিক গোলাপ কলিতাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক গোটৰ সহযোগত অৰ্ধ-শতাধিক গছপুলি ৰোপণ কৰে । পুৱা ৯ বজাৰ পৰা বিদ্যালয়খনৰ চৌহদত শিক্ষকসকলৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে বনচোম, বকুল, নাহৰ আৰু বিভিন্ন গছৰ পুলি ৰোপণ কৰি এক পৰিৱেশ গঢ়ি তুলিবলৈ যত্নপৰ হয় । উল্লেখযোগ্য যে অধ্যাপক কলিতাই বৰ্তমান অধ্যক্ষ হিচাপে কৰ্মৰত চতিয়াৰ জ্ঞান ভাৰতী স্কুলতো প্ৰায় শতাধিক পুলি ৰোপণ কৰাৰ লগতে নিজ বাসগৃহৰ চৌহদতো শতাধিক বৃক্ষৰোপণ কৰিছে।অঞ্চলটোৰ এগৰাকী অগ্ৰণী সমাজকৰ্মী কলিতাৰ এনে প্ৰশংসনীয় পদক্ষেপক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ।
- Log in to post comments
- 12 views