৩ জুলাইত বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ চতুৰ্দশ দ্বি- বাৰ্ষিক অধিৱেশন

bgn

বঙাইগাঁওঃ ১ জুলাইঃ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ চতুৰ্দশ দ্বি- বাৰ্ষিক অধিৱেশনখন অহা ৩ জুলাইত এদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱৰ ৫২ নং মাজগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব ৷ অধিৱেশন উপলক্ষে সিদিনা পুৱাৰ ভাগত বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি গৌৰী শংকৰ বৰ্মনে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰিব সন্মিলনীৰ প্ৰাক্তন সভাপতি অৰবিন্দ ৰায়ে ৷

আনহাতে গছ পুলি ৰোপণ কৰিব ৫২ নং মাজগাঁও প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অনিল চন্দ্ৰ ৰায়ে ৷ পুৱা ১০ঃ১৫ বজাত প্ৰতিনিধি পঞ্জীয়ণ আৰু পুৱা ১১ বজাত সম্বৰ্ধনা অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হ'ব ৷ সম্বৰ্ধনা অনুষ্ঠানত বিগত ২০১৭ বৰ্ষৰ এক এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ত্ৰিছ মে'লৈকে অৱসৰ গ্ৰহণ কৰা শিক্ষক- শিক্ষয়িত্ৰী, চোকাপাৰা কেন্দ্ৰস্থ অঞ্চলৰ পৰা চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰী আৰু সমাজত বিশেষ ক্ষেত্ৰত অৰিহণা যোগোৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ'ব ৷

মুকলি সভাত ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মুখ্য অতিথি, বঙাইগাঁৱৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক প্ৰফুল্ল ৰাম দাস, বিদ্যালয়সমূহৰ সহঃ পৰিদৰ্শক জলেশ্বৰ নাৰ্জাৰী আৰু ভদ্ৰাৱতী বৰ্মণে আমন্ত্ৰিত অতিথি, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি আব্দুল ৰচিদ, ধুবুৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে অতিথি আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামী আৰু উপ সভাপতি সুব্ৰত ধৰে নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ৷ আবেলিৰ ভাগত প্ৰতিনিধিত্বমূলক আৰু বিষয় বাছনি সভা অনুষ্ঠিত হ'ব ৷

সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান ৷ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাধ্যক্ষ সতীন চন্দ্ৰ ৰায়ে মঞ্চ মুকলি কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত প্ৰতিটো শিক্ষক কেন্দ্ৰৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে গীত,নৃত্য, কবিতা আবৃত্তি, কৌতুক আদি পৰিৱেশন কৰিব ৷ নিশা দহ বজাত অনুষ্ঠানৰ সামৰণি পৰিব ৷ অধিৱেশনৰ সকলো কাৰ্যসূচীতে প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক- শিক্ষয়িত্ৰীসকলৰ উপস্থিতি কামনা কৰিছে বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু অভ্যৰ্থনা সমিতিয়ে ৷ ইপিনে অধিৱেশনৰ লগত সংগতি ৰাখি দুই জুলাইৰ পুৱাৰ ভাগত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷

Your Comments