লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলামৰ প্রতিবেদন :
মৰিগাঁও জিলাৰ লাহৰীঘাট,ভূৰাগাঁৱত বৰ্তমানেও অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ খহনীয়াত অঞ্চলটোৰ বহু ঐতিয্যমণ্ডিত মছজিদ, মন্দিৰ, শিক্ষানুষ্ঠানৰ লগতে জাহ গৈছে হেজাৰ হেজাৰ লোকৰ মাটি-ভেটি । নিজৰ ভেটি মাটি হেৰুৱাই বহুলোকে মুকলি আকাশৰ তলত জীৱন কটাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। অতি পৰিতাপৰ বিষয় এই যে আজিলৈকে চৰকাৰ কিম্বা জিলা প্ৰশাসনে এই খহনীয়াত আক্ৰান্ত লোক সকলৰ পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। একালত শ,শ বিঘা কৃষি মাটি থকা জমিদাৰ সকলো সম্প্ৰতি ৰাজপথৰ দাতি অথবা মাথাউৰিত কোনো মতে আশ্ৰয় লৈ আছে। পৰিয়াল পোহ-পাল দিয়াৰ বাবে কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গলেই নানা সমস্যাৰ সন্মুখীন হ'ব লগা হয় এই নিৰক্ষৰ লোক সকলে।
সোমবাৰে মৰিগাঁও জিলা আমছুৰ সভাপতি দিলোৱাৰ হুছেইন,উপ-সভাপতি জেহেৰুল ইছলাম,সাংগঠিনক সম্পাদক মোজাম্মিল শ্বেখৰ নেতৃত্বত এটি সঁজাতি দলে গৰাখহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি চৰকাৰক অতি সোনকালে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাৰ লগতে খহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায়।
- Log in to post comments
- 4 views