কাকডোঙাৰ বৰালি সংৰক্ষণৰ দাবীত গোলাঘাট মহকুমা সাংবাদিক সংস্থাৰ স্মাৰকপত্ৰ

barali

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন

সোমবাৰে গোলাঘাট মহকুমা সাংবাদিক সংস্থাই অসমৰ সবাদ ক্ষেত্ৰখনলৈ ওৰেটো জীৱন অনবদ্য সেৱা আগবঢ়োৱা গোলাঘাটৰ স্বনামধন্য সাংবাদিক প্ৰয়াত কেশৱ শইকীয়া,  আনন্দ শৰ্মা, কমল হাজৰিকা,  গুণাৰাম দাস, আনোৱাৰ হুছেইনৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত প্ৰয়াত সাংবাদিক কেইজনৰ নামত মহকুমাটোৰ অন্তৰ্ভূক্ত পথ নামাকৰণৰ বাবে জিলা প্ৰশাসনৰ ওচৰত দাবী জনায়। লগতে  অসম বিখ্যাত কাকডোঙা নদীৰ বৰালি মাছসংৰক্ষণৰ দাবী তুলি আজি গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেন হাজৰিকা দেৱক স্মাৰক পত্ৰ প্ৰদান কৰে। দুষ্কৃতিকাৰীয়ে অধিক মুনাফা লাভৰ বাবে বছৰেকত ২০-২৫ বাৰকৈ বিহ দি ইতিমধ্যে লুপ্তপ্ৰায় হবলৈ গৈ থকা বৰালি সংৰক্ষণৰ লগতে উপায়ুক্ত গৰাকীয়ে সমগ্ৰ বিষয় তিনিটাত গুৰুত্ব প্ৰদান কৰি ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। আজি স্মাৰকপত্ৰ প্ৰেৰণ অনুষ্ঠানত উপস্থিত থাকে মহকুমা সাংবাদিক সংস্থাৰ সভাপতি নগেন বৰা, কাৰ্যকৰী সভাপতি দীপমনি খাটনীয়াৰ, জিলা সম্পাদক ৰোহিত গগৈ, মহকুমা সম্পাদক ঋতুৰাজ বৰুৱা, সাংগঠনিক সম্পাদিকা মীনাক্ষী ফুকন, মালবিকা বৰা আৰু জীতেন কাকতি।

Your Comments