জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
চতিয়া সমষ্টিৰ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ঔষধি গছৰ ব্যৱসায়িক ৰোপণ সম্পৰ্কীয় এক প্ৰশিক্ষণ তথা সজাগতা সভা অনুষ্ঠিত হৈ যায় । সিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মতি কুমাৰ নেৱাৰে আঁত ধৰা সভাখন উদ্বোধন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই । মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে সঞ্চালক বিজিত বৰুৱা । মুখ্য অতিথি হিচাপে উপস্থিত থাকে পূব শোণিতপুৰ বন প্ৰাধিকাৰী সুভাষ কদম। চতিয়া বিধানসভা সমষ্টি তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ আহ্বানত অনুষ্ঠিত প্ৰশিক্ষণ তথা সজাগতা সভাত অতিথি হিচাপে উপস্থিত থাকে নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ্বৰ বৰুৱা, ডিপলোঙা বনাঞ্চলিক বিষয়া ধৰ্মেশ্বৰ দলে, বনাঞ্চলিক বিষয়া বিভুতি মজুমদাৰ। ঔষধি গছৰ ব্যৱসায়িক ৰোপণ সম্পৰ্কীয় প্ৰশিক্ষণ তথা সজাগতা সভাত বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ কেইবাটাও প্ৰকৃতি প্ৰেমী সংগঠনৰ বিষয়ববীয়া-সদস্যৰ উপৰি স্থানীয় স্বেচ্ছাসেৱী সংগঠনে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 16 views