টেঙাগুৰিত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত শ্ৰোতাৰ সমাগম

man ki bat

লাহৰিঘাটৰ পৰা শ্বামিমুল ইছলাম

মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাগুৰি বজাৰত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান শুনিবলৈ ব্যাপক সংখ্যক শ্ৰোতাৰ সমাগম ঘটে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীৰ মন বিভিন্ন কথা শ্ৰোতাসকলে ৰেডিঅৰ যোগেদি শুনিবলৈ পায়। এখন শক্তিশালী আৰু প্ৰগতিশীল ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে জন সাধাৰণৰ সহায় সহযোগিতা কামনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে শ্ৰোতাৰ সমাবেশত উপস্থিত থাকে মৰিগাঁও জিলা বি জে পিৰ সাধাৰণ সম্পাদক নিৰ্মল কোৱৰ, অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক জাবেদ আলী মৰল,  জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক কমলেশ্বৰ ডেকাৰ লগতে দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী সকল। অনুষ্ঠানটোত ভালেমান স্থানীয় ৰাইজ উপস্থিত থাকে। ইপিনে অহা ৬জুলাইৰ পৰা বি জে পি দলে  তৃণমূল পৰ্যায়ত ব্যাপক সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

Your Comments