শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভগ্নী সংগঠন নাৰী মুক্তি সংগ্ৰাম সমিতিৰ হাইলাকান্দি জিলা সমিতিখন আজি পুনৰ গঠন কৰা হয়।হাইলাকান্দি জিলাৰ ছুলতানি চাহ বাগিছাত সমিতি পুণৰ্গঠনকলৈ আজি এক সভা অনুষ্ঠিত হয়। উক্ত সভাতো দেবুৰাণী দাসক সভানেত্ৰী হিমাণী দত্তক উপ-সভানেত্ৰী আৰু আনৰা বেগম লস্কৰক সম্পাদিকা মনোনীত কৰি ৫১ সদস্যৰ অন্তৰ্ভূক্তিৰে হাইলাকান্দি জিলা নাৰী মুক্তি সংগ্ৰাম সমিতিখন পুণৰ্গঠন কৰা হয় বুলি কৃষক মুক্তিৰ বৰাকৰ নেতা জহিৰ উদ্দিন লস্কৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।উল্লেখ্য যে সমিতি খনৰ মুখ্য উপদেষ্টা হিচাপে মনোনীত কৰা হয় শ্ৰমিক নেতা দেবু গোৱালাক।
- Log in to post comments
- 5 views