সোণাৰিৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত প্ৰাৰ্থনাৰ নামত পঢ়ালে নামাজ: এজাহাৰ দাখিল অভিভাৱকৰ

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :

সোণাৰিৰ এখন নৱনিৰ্মিত আগশাৰীৰ ব্যক্তিগত খণ্ডৰ "ৱেলবৰ্ন পাব্লিক স্কুল" নামৰ বিদ্যালয় খনত প্ৰাৰ্থনাৰ নামত এগৰাকী শিক্ষয়িত্ৰীয়ে কণ কণ ছাত্র ছাত্ৰীক নামাজ পঢ়োৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাৰ সন্দৰ্ভত সোণাৰি থানাত দাখিল কৰা হৈছে চাৰিখনকৈ এজাহাৰ। ঘটনাটো সংঘটিত হৈছে সোণাৰি নগৰৰ সেউজীয়াপামত নৱনিৰ্মিত ব্যক্তিগত খণ্ডৰ ৱেলবৰ্ন নামৰ বিদ্যালয়খনত।

বিদ্যালয়খনৰ  কণ কণ ছাত্ৰ ছাত্ৰীক  শিক্ষয়িত্ৰীয়ে প্ৰাৰ্থনাৰ নামত  পঢ়াইছে নামাজ।বিদ্যালয় খনত কৰ্মৰত কাশ্মিৰী দত্ত নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে স্পষ্টকৈ পঢ়ি গৈছে নামাজ আৰু ছাত্ৰ ছাত্ৰী সকলকো এফালৰ পৰা মুখে মুখে গাই যাব দিছে। ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ সোণাৰি চহৰতে। বিদ্যালয়ৰ ভিতৰত নামাজ পঢ়োৱাৰ ভিডিঅ' ছচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পিছতেই সাম্প্ৰদায়িক তথা ঐক্য সম্প্ৰতি বিনষ্ট কৰা বুলি অভিযোগ তুলি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু অভিভাৱকে সোণাৰি আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ ।


ইফালে নতুনকৈ স্থাপন হোৱা ইংৰাজী মাধ্যমৰ  ৱেলবৰ্ন  পাব্লিক স্কুলৰ  স্বত্বাধিকাৰী কংগ্ৰেছ নেতা তথা প্ৰাক্তন উপ পৌৰপতিৰ ভাতৃ, বিশিষ্ট ব্যৱসায়ী চামিম আহমেদক সাম্প্ৰদায়িকতা সৃষ্টিৰ অভিযোগত গ্ৰেপ্তাৰৰ দাবী তুলিছে অভিভাৱক তথা বিভিন্ন দল সংগঠনে।

Your Comments