ৱাহিদুদ জামান,নগাঁও,৩০ জুনঃ
ভাষা,সাহিত্য আৰু সংস্কৃতি চৰ্চাৰ অনুশীলনৰ অন্যতম মঞ্চ নগাঁৱৰ অৰুণোদয় সাহিত্য চ'ৰাৰ পঞ্চম দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিবেশনখন আজি নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত অনুষ্ঠিত হয় ।এই অধিবেশনতে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা (কে কে)ক অৰুণোদয় সন্মান-২০১৯ প্ৰদান কৰাৰ লগতে ডঃ দিলীপ শৰ্মা ,( প্ৰৱন্ধ ) প্ৰদীপ কুমাৰ শইকীয়া ( কবিতা ) আৰু মুনমী বৰদলৈ ( গল্প )ক চবিন ডেকা সোঁৱৰণী অৰুণোদয় সাহিত্য বঁটা প্ৰদান কৰা হয় ।
ভৱেশ মেধিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিতে কবি, সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ সম্পাদনাত 'অৰুণোদয়' নামৰ সাহিত্য সংকলনটি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে। সংকলনটি উন্মোচন কৰি সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে কয় যে, আমাৰ ভাষাটোৰ প্ৰতি সংকটৰ সৃষ্টি হৈছে। এই সংকট নিৰাময়ৰ বাবে আমি সকলো আগবাঢ়ি আহিব লাগিব।লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা দৰে ব্যক্তিয়ে সাহিত্য চৰ্চাৰ জৰিয়তে সৃষ্টি কৰা অসমীয়া জাতীয়তাবাদৰ ধাৰাক আমি আগুৱাই লৈ যাব লাগিব।
অৰুণোদয় সাহিত্য চ'ৰাৰ সম্পাদক মুৰুলী বৰুৱাই আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় ৰিণি নেওগ বৰাই।অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি কয়, "অৰুনোদয় সাহিত্য চ'ৰাই সাহিত্য চৰ্চা কৰাই নহয়,নতুন নতুন লেখক-লেখিকাৰ জন্ম দি স্বীকৃতিও প্ৰদান কৰিছে। ই এক অতি আদৰনীয় পদক্ষেপ।"জিলা উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় যে, আত্যাধুনিক প্ৰযুক্তি বিদ্যা আৰু ইন্টাৰনেটৰ প্ৰভাৱেও গ্ৰন্থৰ জনপ্ৰিয়তা হ্ৰাস কৰিব পৰা নাই। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণত কয় যে,সাহিত্য চৰ্চাৰ জৰিয়তে আমাৰ সমাজক এক বাৰ্তা দিব পৰা যায়।
আনহাতে,আৰুণোদয় সন্মান গ্ৰহণ কৰি জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই নিজৰ ভাষাটোক লৈ সকলোৱে গৌৰৱবোধ কৰা উচিত বুলি মন্তব্য কৰি আমি প্ৰতিগৰাকীয়ে আমাৰ ভাষাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰিব লাগে বুলিও উল্লেখ কৰে। ভাষণৰ মাজতে অভিনেতা গৰাকীয়ে বিভিন্ন খুহুতীয়া কথাৰে সকলোকে হাঁহিৰ খোৰাক দিয়ে। এই অনুষ্ঠানতে ভৱেশ মেধিৰ "এৰা বাটৰ কথাৰে" আৰু বিজন পাটৰৰ "ভূমিৰ ফুল,শব্দৰ শইচ" গ্ৰন্থ দুখনি উন্মোচন কৰা হয়।সভাত বিশিষ্ট সাংবাদিক ড° আবু হানিফা, বল্লদেৱ শৰ্মা আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই মুকলি অধিবেশনতে পৰবৰ্তী দুবছৰৰ বাবে নিৰ্বাচিত সভাপতি মৃদুপৱন বৰা আৰু সম্পাদক ৰাহুল দেৱ বৰদলৈক আনুষ্ঠানিক ভাৱে দ্বায়িত্ব অৰ্পন কৰা হয়।
- Log in to post comments
- 10 views