শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :
কদৰ্য ৰূপ ধাৰণ কৰিছে বৰাকৰ জোঁৱাই-বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি শিলচৰ-কালাইন ৰাষ্ট্ৰীয় ঘাইপথো। পথাচাৰীতো দুৰৰে কথা এতিয়া যান বাহনো চলাচলৰ একেবাৰেই অনুপযোগী হৈ পৰিছে এই দুই পথৰ কেইবাটাও অংশ। স্থানীয় ৰাইজে ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰিছে যাতে পথটোৰে চলাচল সুচল কৰিবলৈ বিভাগৰ বিষয়া বৰ্গক নিৰ্দেশ দিয়ে।
ইফালে বৰাকৰ ১৫ গৰাকীকৈ বিধায়ক থকাৰ পিছতো গুৰুত্বপূৰ্ণ পথকেইটাৰ মেৰামতি সন্দৰ্ভত বৰ্তমানেও অৱলম্বন কৰি নীৰৱতাক ৰহস্যজনক বুলি আখ্যায়িত কৰিছে স্থানীয় ৰাইজে।
বৰাক উপত্যকাৰ পৰা নতুনকৈ নিৰ্বাচিত হোৱা দুই সংসদ ৰাজদ্বীপ ৰয় আৰু কৃপানাথ মাল্লাহৰ হস্তক্ষেপো আশা কৰিছে বিভিন্ন দল- সংগঠনৰ লগতে সমগ্ৰ বৰাক উপত্যকাৰ সাধাৰণ ৰাইজে।
- Log in to post comments
- 20 views