টেট শিক্ষকসকলৰ দাবী নায্য দাবী--- দীপাংক কুমাৰ নাথ

dipanka

বঙাইগাঁওঃ২৯ জুনঃ

'যোৱা কেইদিনমানৰ পৰা ৰাজ্যৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে কৈ আছে যে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়টো মহাবিদ্যালয়সমূহৰ পৰা আঁতৰাই দিব ৷ এইটো এটা সাংঘাতিক ধৰণৰ হাঁহি উঠা কথা ৷'এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ ৷ আজি বঙাইগাঁও জিলা ছাত্ৰ সন্থাই এইবেলি জিলাখনৰ পৰা উচ্চতৰ মাধ্যমিৰ চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বঙাইগাঁও মহাবিদ্যালয় প্ৰাংগণত আয়োজন কৰা এক বিশেষ অভিনন্দন অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ অহা আছুৰ সভাপতিগৰাকীয়ে সাংবাদিকেৰে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে ৷

আছুৰ সভাপতি নাথে কয় যে শিক্ষামন্ত্ৰীগৰাকীয়ে অহা বছৰৰ পৰা মহাবিদ্যালয়সমূহত সংলগ্ন হৈ থকা উচ্চতৰ মাধ্যমিক পৰ্যায়টো আঁতৰাই দিব বুলি কৈছে যদিও তাৰ পূৰ্বে ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে নে নাই সেয়া স্পষ্ট কৰিব লাগে ৷ কাৰণ এনেকুৱা ধৰণৰ মন্তব্যৰে কাকততহে হেড লাইন আনিব পাৰিব ৷ কিন্তু ইয়াৰ পূৰ্বে তেওঁলোকে তেওঁলোকৰ প্ৰজেক্টটো ক'ব নে বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে এই ব্যৱস্থাটো গ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকে কিমানশ হাইস্কুলক হায়াৰ চেকেণ্ডাৰী পৰ্যায়লৈ লৈ গ'ল , কিমানখন হাইস্কুলক হায়াৰ চেকেণ্ডাৰীলৈ উন্নীত কৰিলে বা কিমানখন হায়াৰ চেকেণ্ডাৰীক বিজ্ঞান শাখাৰ সকলো সা-সুবিধা দিয়া হ'ল ,কিমান বিজ্ঞানৰ শিক্ষক নিয়োগ কৰা হ'ল এই কথাবোৰ জড়িত হৈ আছে আৰু এইবোৰ স্পষ্ট কৰিব লাগিব ৷ অন্যথা এনে সিদ্ধান্তৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ৷ অভিভাৱকসকল হতাশাত ভূগিছে ৷

আজি বি বৰুৱা কলেজত বা কটন কলেজত যিখিনি ল'ৰা -ছোৱালীয়ে বিজ্ঞান শাখাত পঢ়ি আছে কালি - পৰহিলৈ যদি তাৰ পৰা বিজ্ঞান শাখাটো আঁতৰাই দিয়া হয়, তেতিয়াহ'লে সেই ছাত্ৰ- ছাত্ৰীসকল কলৈ যাব ? প্ৰায় দুই লাখৰ ওপৰত ছাত্ৰ - ছাত্ৰীয়ে হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে ৷ সেই ল'ৰা- ছোৱালীসকলৰ নাম ভৰ্তিৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ চৰকাৰখন আনিছে সাধাৰণ মানুহৰ কথা চিন্তা কৰিবৰ কাৰণেহে ৷ কিন্তু সাধাৰণ মানুহৰ কথা চিন্তা নকৰাকে শিক্ষামন্ত্ৰীয়ে কৈ দিলে যে অহাবাৰৰ পৰা কলেজৰ পৰা হায়াৰ চেকেণ্ডাৰী পৰ্যায়টো আঁতৰাই দিম ৷ কিন্তু আঁৰাই দিয়াৰ আগতে চৰকাৰে এটা প্ৰচেষ্টা গ্ৰহণ কৰক যে কিমানশ হাইস্কুল তেওঁলোকে হায়াৰ চেকেণ্ডাৰী পৰ্যায়লৈ উন্নীত কৰিব, কিমানখন হায়াৰ চেকেণ্ডাৰীত বিজ্ঞান শাখা খুলিব, কিমানখন হায়াৰ চেকেণ্ডাৰীত বিজ্ঞানৰ শিক্ষক নিয়োগ কৰিব সকলো স্পষ্ট কৰক ৷

কাৰণ চৰকাৰে যদি কয় যে তেওঁলোকে এইকেইখন হায়াৰ চেকেণ্ডাৰীত বিজ্ঞান শাখাৰ লগতে অন্যান্য শাখাৰ বাবে সকলো আন্তঃগাঁথনি সম্পূৰ্ণ কৰি তুলিছে ,তেতিয়াহ'লে পৰ্যায়ক্ৰমে কলেজৰ পৰা হায়াৰ চেকেণ্ডাৰী পৰ্যায়টো লৈ যাওক ৷ এনেও মহাবিদ্যালয়সমূহৰ শিক্ষা গুৰুসকলৰ বোজা বেছি হৈছে ৷ ভাৰতবৰ্ষৰ কোনো ঠাইতে মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়টো নাই ৷ কিন্তু আমাৰ মহাবিদ্যালয়সমূহত আছে ৷ আমিও উচ্চতৰ মাধ্যমিক পৰ্যায়টো আঁতৰাই দিয়াটো বিচাৰিছো ৷ কিন্তু সেয়া পৰ্যায়ক্ৰমে হ'ব লাগিব ৷ তাকে নকৰি শিক্ষামন্ত্ৰীগৰাকীয়ে ২০২০ চনৰ পৰাই মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়টো আঁতৰাই দিম বুলি কোৱাত মানুহে হাঁহিছে ৷ লগতে এনে ধৰণৰ কথা বতৰাই শিক্ষাৰ্থীসকলৰ মনত হতাশা আনিব আৰু অভিভাৱকসকলৰ মনটো হতাশা আনিব ৷

সমগ্ৰ ৰাজ্যখনৰ  মহাবিদ্যালয়সমূহত বিজ্ঞানেই হওক, বাণিজ্যই হওক বা কলাই হওক প্ৰত্যেকটো শাখাতেই বহু লাখ ল'ৰা - ছোৱালীয়ে পঢ়া - শুনা কৰি আছে ৷ গতিকে এইবোৰ ল'ৰা-ছোৱালী ক'ত যাব বা পঢ়িব সেইটো আগতে ঠিক কৰক ৷ কিন্তু সেইটো ঠিক নকৰাকৈ যদি শিক্ষামন্ত্ৰীয়ে এনে কিছুমান মন্তব্য দি থাকে, তেতিয়াহ'লে সেই কথাবোৰে ছাত্ৰ- ছাত্ৰীসকলক হতাশ কৰিব বুলিও কয় ৷ উল্লেখ্য যে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই যোৱা ২৬ জুনত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অহা বৰ্ষৰ পৰা ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সংলগ্ন হৈ থকা উচ্চতৰ মাধ্যমিক পৰ্যায়টো আঁতৰোৱা হ'ব বুলি মন্তব্য কৰিছিল ৷

ইপিনে টেট শিক্ষক সকলে গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত আছুৰ সভাপতিগৰাকীৰ মতামত জানিব বিচৰাত ছাত্ৰ নেতাগৰাকীয়ে কয় যে  টেট শিক্ষকসকলৰ দাবীটো নাৰ্য দাবী ৷ অসমৰ শিক্ষানুষ্ঠানসমূহত যথেষ্ট সংখ্যক শিক্ষকৰ পদ এতিয়াও খালী হৈ আছে ৷ যোৱা কে'বাবছৰ ধৰি চৰকাৰে কোনো ধৰণৰ শিক্ষক নিয়োগ কৰা নাই ৷ বিশেষকৈ টেট শিক্ষকসকলৰ পৰীক্ষা এই কাৰণে অনুষ্ঠিত কৰিছিল যাতে তেওঁলোকক শিক্ষানুষ্ঠানসমূহত নিযুক্তি দি তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰা হয় বা যিসমূহ খালী পদ আছে সেই পদসমূহ তেওঁলোকৰ জৰিয়তে পূৰণ কৰা হয় ৷ কিন্তু যোৱা কে'বাবছৰ ধৰি চৰকাৰে কোনো পদতে শিক্ষক নিয়োগ নকৰিলে ৷ যাৰ ফলত অধিক সংখ্যক টেট পাছ কৰা শিক্ষক ইতিমধ্যে আমাৰ সমাজত আছে ৷

আমি বিচাৰিছো যে টেট শিক্ষসকলৰ দাবাটো নাৰ্য দাবী আৰু তেওঁলোকৰ দাবীটো সমাধান কৰিব লাগে ৷ শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলক ইয়াৰ আগতেও কিছুমান মন্তব্য কৰি অপমান কৰিছিল ৷ সন্মানৰ পাত্ৰ অসমৰ সন্মানীয় শিক্ষক সমাজক তেনে ধৰণৰ ব্যৱহাৰ তথা মন্তব্য নকৰিবলৈ আমি সকিয়াই দিছো ৷ কাৰণ যদি কিবা কাম কৰিব নোৱাৰে, তেতিয়াহ'লে কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি কোৱাতো এটা বেলেগ কথা ৷ কিন্তু তাকে নকৰি তাচ্ছিল্য কৰি সন্মানীয় শিক্ষা গুৰুসকলক অসন্মান কৰাটো আমি কেতিয়াও সহ্য নকৰো ৷ লগতে শিক্ষামন্ত্ৰীয়ে পৰ্যায়ক্ৰমে টেট শিক্ষকসকলক সংস্থাপিত কৰাটো উচিত বুলিও মন্তব্য কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ৷

 

Your Comments