বইটামাৰী , ২৯ জুন :
বঙাইগাওঁ জিলাৰ বইটামাৰীৰ ধনতোলাত আজি কৃতী ছাত্ৰ-ছাত্ৰী আৰু কৃতী শিক্ষক-শিক্ষয়িত্ৰীক এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । বঙাইগাওঁ শিক্ষা খণ্ডৰ অৰ্ন্তগত নানকাৰগাওঁ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত নানকাৰগাওঁ হাইস্কুলত আজি এই সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে শিক্ষাবিদ আব্দুল লতিফ আহমেদে । সভাত মণ্ডল সমল কেন্দ্ৰটোৰ অন্তৰ্গত ভিন্ন পৰ্যায়ৰ বিদ্যালয়ত ২৫ বছৰ ধৰি শিক্ষকতাৰে সেৱা আগবঢ়োৱা কৰ্মৰত ৩৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ২০১৮ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰা বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনায় । লগতে এই সভাতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত , হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ কৃতী ছাত্ৰ- ছাত্ৰী ক সম্বৰ্ধনা জনায় ।
আজিৰ এই সভাত বঙাইগাওঁ নৰ্মাল স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপতি বৰুৱা , বঙাইগাওঁ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গ সহায়ক সত্য নাৰায়ণ ৰায় , নানকাৰগাওঁ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা শিক্ষাবিদ কাব্যেন্দ্ৰ চক্ৰৱৰ্তী , নানকাৰগাওঁ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অলকা দেৱী আদি বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকি ভাষণ প্ৰদান কৰে । সভাত সমাজকৰ্মী কামাল উদ্দিন আহমেদ , বামুণীটিলা গাওঁ পঞ্চায়তৰ সভাপতি দুৰ্গাপ্ৰসাদ সৰকাৰ , শিক্ষক ছাত্তাৰ উদ্দিন আহমেদ আদি ব্যক্তি সকলো উপস্থিত আছিল ।
- Log in to post comments
- 24 views