লংকাৰ পৰা মনোজ কুমাৰ পাঠক :
হোজাই জিলাৰ লংকাৰ লামডিং সমষ্টিত শনিবাৰে নগাঁও সংসদীয় লোকসভা সমষ্টিৰ নৱনিযুক্ত সাংসদ প্ৰদ্যুৎ বৰদলৈক ৰাজহুৱা সভাৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয়।
উদালী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্হিত থাকে সাংসদ প্ৰদ্যুৎ বৰদলৈ সহধৰ্মিনী ৰাণী বৰদলৈসহ উপস্থিত থাকে।লগতে উপস্থিত থাকে কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰকিবুল হুছেইন, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডঃ অৰ্ধেন্দু কুমাৰ দে, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তী,লামডিং সমষ্টিৰ প্ৰাপ্তন বিধায়ক স্বপন কৰ প্ৰমুখ্য কৰি বহু কংগ্ৰেছী নেতা-পালি নেতা | অনুষ্ঠানত লামডিং সমষ্টিৰ বহু কংগ্ৰেছ কৰ্মীয়ে ৰাজহুৱাভাৱে সাংসদগৰাকীক সম্বৰ্ধনা জনায় |
অনুষ্ঠানত ভাষণ প্ৰসংগত সাংসদ বৰদলৈয়ে বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে অকল কপালত এটা তিলক ল'লেই মানুহ সৎ হৈ নাযায় ,এজন মানুহ সাত্বিক হৈ নাযায় | সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত উজনি অসমত এফালৰ পৰা বৰ্ষৰণ্যবোৰ ধংস হৈছে | ছিন্দিকেট সংস্কৃতিয়ে অসমত চাৰিওফালে গ্ৰাস কৰাৰ লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গৰু, চুপাৰি,চিমেন্ট,শাক-পাচলী,মাছ, পাণ, ছিন্দিকেট হৈছে। লগতে উজনি অসমত হৈছে কয়লাৰ চিন্দিকেট |
তেওঁ কয় যে,মুখত তেওঁলোকৰ ৰাম নাম, কিন্তু ৰাতিৰ আন্ধাৰত কৰে বেয়া কাম | লগতে,সাংসদগৰাকীয়ে কয় যে, এন.আৰচিৰ কাৰণে হিন্দু বাঙালীসকলৰেই আটাইতকৈ বেছি ক্ষতি হৈছে | ২০১৬চনত মধুৱালা মণ্ডলক সৰ্বানন্দ সোণোৱালৰ বিজেপি পুলিচে ডিটেন্সন কেম্পত তিনি বছৰ বন্দী কৰি ৰাখি মিছাই শাৰীৰিক তথা মানসিক হাৰাশাস্তি কৰাৰ কার্যৰো কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে | অসম হাউছত তৰুণ গগৈক অপমানৰো কঠোৰ ভাষাৰে নিন্দা কৰে সাংসদগৰাকীয়ে | কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰকিবুল হুছেইনেও বিজেপি আৰু দলক কঠোৰ ভাষাৰে সমালোচনা কৰে |
- Log in to post comments
- 27 views