গোঁসাইগাঁৱৰ পৰা ৰফিকুল ইছলামৰ প্রতিবেদন :
গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ২নং দলগাঁওৰ মাজেদি যোৱা মদাতি নৈত আজি পুৱা প্ৰায় ১০ বজাত গাঁ -ধুবলৈ গৈ সন্ধানহীন হৈ পৰে এজন স্কুলীয়া ছাত্র।প্ৰাপ্ত খবৰ মতে ছাত্ৰজন গোসাঁইগাঁও তিনিআলিৰ মহাৰাজপুৰৰ বাসিন্দা নকুল মণ্ডল আৰু দিপালী ৰায়ৰ পুত্ৰ বিশ্বজিৎ মণ্ডল (১২) বুলি জানিব পৰা গৈছে।।উল্লেখ্য যে গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্টশ্ৰেণীত পঢ়া ছাত্ৰজনে তেঁওৰ দুই সহপাঠীৰ সৈঁতে স্কুলৰ পৰা দলগাওঁস্থিত মদাতি নৈখনত একেলগে গাঁ- ধুবলৈ যায় যদিও কিছু সময় পিছতেই নৈৰ সোঁতত বিশ্বজিৎ উটি যায়।লগত থকা সহপাঠী দুজনে বিশ্বজিৎক উদ্ধাৰ কৰিব শ্রেষ্ঠা কৰিও বিফল হৈ চিঞৰ বাখৰ কৰিব ধৰে।ছাত্ৰ দুজনৰ চিঞৰ শুনি কিছু সময়ৰ ভিতৰতে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হয় যদিও ছাত্রজনক উদ্ধাৰ কৰাত ব্যৰ্থ হৈ আৰক্ষীক অৱগত কৰে।ইতিমধ্যে গোসাঁইগাঁও আৰক্ষী উক্ত স্থানত উপস্থিত হৈ এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখে যদিও কিন্তু এতিয়ালৈয়ে কোনো সন্ধানৰ লাভ কৰা নাই ছাত্ৰজনৰ।
- Log in to post comments
- 14 views