নাওঁজান আঞ্চলিক আমছুৰ সজাগতামুলক সমদল

naojan

সৰুপথাৰৰ পৰা নবীন বৰাৰ প্রতিবেদন :
ধনশিৰি মহকুমাৰ নাওঁজান আঞ্চলিক আমছুয়ে আজি নাওঁজানত আঞ্চলৰ সংখ্যালঘু জনসাধাৰনক সমাজৰ ব্যভিচাৰ অপৰাধমুলক কাৰ্য্য, কু-সংস্কাৰ ,অন্ধ বিশ্বাস,বাল্য বিবাহ,নৰী সৱলীকৰণ আদি সন্দৰ্ভত সজাগ কৰাৰ অৰ্থে এক সজাগতা সমদল উলিয়ায়। নাওঁজান ঈদগাহ  মৈদানৰ পৰা নাওঁজান চহৰহৈ এক বৃহৎ সমদলৰ জৰিয়তে সংগঠনটোৱে এই দাবী সমুহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ প্ৰয়াস কৰে৷ উক্ত সমদলৰ নেতৃত্ব দিয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰিজাউল কৰিম চৰকাৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকি সংগঠনটোৰ সভাপতি গৰাকীয়ে সংখ্যালঘু সাম্প্ৰদায়ৰ লোক সকলক উপযুক্ত শিক্ষাৰে শিক্ষিত হবলৈ আহ্বান জনায়। গোলাঘাটত বৃদ্ধি পোৱা ড্ৰাগছৰ বেহা সম্পৰ্কতো প্ৰশাসনক বিশেক গৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ সভাপতি সৰকাৰে।

Your Comments